বিটিএডিক ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিললৈ উন্নীতকৰণৰ কুচকাৱাজ চলি থকাৰ মাজতে বিটিচি চুক্তিখনকে অবৈধ বুলি অভিহিত কৰি এইবাৰ আক্ৰাছুকে ধৰি ছটাকৈ সংগঠনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিটিচি চুক্তিখন পুনৰীক্ষণৰ দাবী জনাই এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে আক্ৰাছু, সদৌ কলিতা ছাত্ৰ সন্থা, সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা আৰু সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷
এই সভাত বিটিএডিত বসবাস কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ লোকসকলৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, ভূমিৰ অধিকাৰ, শৈক্ষিক অধিকাৰকে ধৰি সম-অধিকাৰ আৰু সম-মৰ্যাদাৰ দাবীত বিটিচি চুক্তিখন পুনৰীক্ষণৰ প্ৰয়োজন জৰুৰী হৈ পৰা বুলি দৃঢ় মত পোষণ কৰে ৷
লগতে এই দাবীত সংগঠনকেইটাই এলানি যৌথ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰো প্ৰস্তাৱ গ্ৰহণ কৰে ৷ ইপিনে সভাৰ পিচতে সন্ধিয়া সংগঠনকেইটাই কাৰ্যালয় প্ৰাংগণত এখন যৌথ সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে কয় যে বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পিচৰে পৰা বিটিএডি অঞ্চলত বসবাস কৰি থকা জনজাতিসকলৰ বাহিৰে আন জনগোষ্ঠী তথা অজনজাতিসকলে সাংবিধানিক অধিকাৰ হেৰুৱাই পেলাইছে ৷
আজিৰ তাৰিখত যদি কোনো এটা জাতি বা জনগোষ্ঠীয়ে জীয়াই থাকিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকক প্ৰথমেই ৰাজনৈতিক অধিকাৰ লাগিব ৷ কিন্তু বিটিচি গঠনৰ দিনৰে পৰা সেই অঞ্চলত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীয়ে সেই অধিকাৰ হেৰুৱাই পেলাইছে ৷ সেয়ে আমি বিভিন্ন ছাত্ৰ সংগঠন ঐক্যবদ্ধ হৈ আটাইকেইটা জনগোষ্ঠীৰ সাংবিধানিক ৰক্ষা কৱচ অৰ্থাৎ ৰাজনৈতিক, গণতান্ত্ৰিক, অৰ্থনৈতিক, সামাজিক অধিকাৰ আদিকে ধৰি বিভিন্ন দিশত অস্তিত্ব ৰক্ষাৰ বাবে বিএলটিৰ লগত যিখন বিটিচি চুক্তি সম্পাদন হৈছিল সেই চুক্তিখন পুনৰীক্ষণ কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছো ৷
আনহাতে, আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে কয় যে আমাৰ এই প্ৰতিবাদ কোনো বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে নহয় ৷ বড়ো জনগোষ্ঠীটোৱে নিজৰ অধিকাৰৰ বাবে কি আলোচনা কৰে বা প্ৰতিবাদ সাব্যস্ত কৰে তাত আমাৰ ক'বলগীয়া নাই ৷ কিন্তু বড়োলেণ্ড শব্দটোৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ দ্বিমত আছে ৷
তাৰোপৰি বড়োলেণ্ড শব্দটো লিখাৰ পিচতো কিয় চৰকাৰে নীৰৱ হৈ আছে সেয়া ৰাজহুৱা কৰিবলৈও চৰকাৰক আহ্বান জনাই কয় যে বড়ো চুক্তিহে হৈছিল ৷ বড়োলেণ্ড চুক্তি হোৱা নাছিল ৷ সেয়ে বড়োলেণ্ড শব্দটো আমি মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব ৷ লগতে কয় যে আমি বিটিচি অঞ্চলত আমাৰ অধিকাৰহে বিচাৰিছো ৷
বিভিন্ন জনগোষ্ঠীৰ সম-অধিকাৰৰ বাবেহে দাবী জনাই আহিছো আৰু এই অধিকাৰ প্ৰাপ্তিৰ বাবেই আন্দোলন কৰি আহিছো আৰু কৰি যাম ৷ সংবাদমেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে বিটিচি অঞ্চলত এটা জনগোষ্ঠীৰ কিছু সংখ্যক লোক থকাৰ পিচতো সংখ্যাগৰিষ্ঠ অন্যান্য জাতি-জনগোষ্ঠীৰ সলনি সেই জনগোষ্ঠীটোকহে অধিকাৰ দি বাকীসকলক প্ৰাপ্য অধিকাৰৰ পৰা এক প্ৰকাৰ বঞ্চিত কৰা হল ৷
সেয়ে এতিয়া বিটিএডিৰ পৰিসৰ বৃদ্ধি কৰি ইউনিয়ন টেৰিট'ৰিয়েল গঠন কৰাটো দূৰৈৰে কথা বৰং বৰ্তমান সময়ত আমি বিটিচি চুক্তিৰ পুনৰীক্ষণৰহে দাবী জনাইছো ৷ যিহেতু বিটিচিত আমাৰ অধিকাৰ খৰ্ব কৰা হৈছে, সেয়ে আমি অন্যান্য জাতি-জনগোষ্ঠীসকলে আমাৰ ৰাজনৈতিক অধিকাৰ বিচাৰিছো ৷
আমাক অৰ্থনৈতিক, সামাজিক অধিকাৰকে ধৰি সকলো অধিকাৰ লাগে ৷ আমিও সম-অধিকাৰ বিচাৰিছো ৷ আক্ৰাছু নেতাজনে এই সন্দৰ্ভত সময় থাকোতে পদক্ষেপ ল'বলৈকো ৰাজ্যপালক আহ্বান জনায় ৷ লগতে শীঘ্ৰে অসমৰ ৰাজ্যপালক সংগঠনকেইটাৰ প্ৰতিনিধিক সাক্ষাতৰ সময় দিবলৈকো আহ্বান জনাই কয় যে কন্দ্ৰীয় চৰকাৰে বাৰে বাৰে আমাৰ ওপৰত শাসনৰ পৰা শোষণৰ ব্যৱস্থা জাপি দি থাকিব আৰু আমি সহ্য কৰি থাকিম, সেয়া কেতিয়াও হ'ব নোৱাৰে ৷
বিটিচি চুক্তিখন যিদৰে ৰূপায়ণ কৰা হৈছিল সেইদৰে কাৰ্যকৰীকৰণ কৰা হোৱা নাই ৷ কাৰণ চুক্তিখন স্বাক্ষৰিত হোৱাৰ সময়ত অঞ্চলটোৰ সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন আৰু সম-অধিকাৰ নিশ্চিত হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হৈ নুঠিল ৷ যাৰবাবে আজি বিটিচি অঞ্চলত বসবাস কৰা আন জাতি-জনগোষ্ঠীসকলে নিজৰ অধিকাৰ হেৰুৱাবলগীয়া হৈছে বুলিও কয় ৷
বিটিচিত অন্যান্য জাতি-জনগোষ্ঠীসকলক সম-অধিকাৰ দিয়াৰ সলনি তেওঁলোকে যে কেৱল নিজৰ জনগোষ্ঠীটোৰ সা-সুবিধা তথা উন্নয়নতহে গুৰুত্ব দিছে আৰু সুকীয়া ৰাজ্য গঠনৰ বাবে চক্ৰান্তমূলকভাৱে কাম কৰি আছে সেই কথা আজি প্ৰমাণিত হৈছে ৷ আজি তেওঁলোকে বড়োলেণ্ড ট্ৰেন্সপোৰ্ট, বড়োলেণ্ড ইউনিভাৰচিটী, বড়োলেণ্ড সচিবালয় বুলি নামকৰণ কৰিছে ৷ গতিকে এই নামকৰণ কেন্দ্ৰীয় চৰকাৰেই হওক অথবা ৰাজ্য চৰকাৰেই হওক শীঘ্ৰে সলনি কৰিব লাগে ৷
ইতিমধ্যে আমি এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোৱেই আৰু ৰাজ্য গঠনৰ এনেধৰণৰ চক্ৰান্তৰ বিৰুদ্ধেও পুনৰ এলানি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলিও কয় ৷ সংবাদমেলত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যপাল তথা ৰাজ্য চৰকাৰক বিচিটি চুক্তিখনত থকা বিসংগতিসমূহ দূৰ কৰি সকলোকে সম-অধিকাৰ, সম-মৰ্যাদা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আহ্বান জনায় ৷ সেইদৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰাই কয় যে আমাৰ যি আন্দোলন সেয়া কোনো এটা জনগোষ্ঠীৰ বিৰুদ্ধে বা বড়ো জাতিৰ বিৰুদ্ধে নহয় ৷ আমি আন্দোলন কৰিছো আমাৰ অস্তিত্ব ৰক্ষাৰ বাবেহে ৷
আমি গণতন্ত্ৰ ৰক্ষা কৰিব বিচাৰিছো ৷ বিটিচি চুক্তি যেতিয়া স্বাক্ষৰিত হৈছিল তাৰ আগে আগে সন্মিলিত জনগোষ্ঠী সংগ্ৰাম সমিতিৰ জৰিয়তে গঢ়ি উঠা প্ৰতিবাদী কণ্ঠস্বৰ কোনেও নুশুনিলে ৷ একেদৰে আক্ৰাছু, আদিবাসী ছাত্ৰ সন্থা, সংখ্যালঘু সম্প্ৰদায়ৰ সংগঠন আদিকে ধৰি আন সংগঠনসমূহৰ কথাও কোনেও নুশুনিলে ৷ তাৰ পিচতে বিটিচি চুক্তি হ'ল আৰু এতিয়া আকৌ কেৱল আমাৰ মাজত বিভাজন অনাৰ বাবে একেটা পদ্ধতিৰে এক নতুন আখৰা চলিছে ৷
আৰম্ভ কৰা হৈছে এক নতুন কচৰৎ ৷ আদিবাসী নেতাজনে ইয়াৰ আঁৰত ভাৰত চৰকাৰ আৰু চোৰাংচোৱা সংস্থা 'ৰ' জড়িত আছে বুলিও অভিযোগ উত্থাপন কৰে ৷ লগতে কয় যে তেওঁলোকে নিবিচাৰে যে অসমৰ এই অঞ্চলত প্ৰতিটো জাতি-জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত হওক ৷ সেয়ে কেৱল এটা জনগোষ্ঠীৰ নামত ৰাজ্য দিয়াতো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় আৰু এয়া গণতন্ত্ৰৰ পৰিপন্থী ৷ আমি কোনো সংঘাত আৰু সংঘৰ্ষ বিচৰা নাই ৷ আমি কেৱল বিচাৰিছো আমাৰ অধিকাৰ ৷
আমৰ অস্তিত্ব ৰক্ষাৰ বাবে আমি আন্দোলন কৰি যাম ৷ সংবাদ মেলত এবি এমছুৰ সহকাৰী সাধাৰণ সম্পাদক আইনুদ্দিন আলীয়ে কয় যে বিটিচি চুক্তি হ'ল এনেকুৱা এখন চুক্তি যিখন চুক্তিৰ জৰিয়তে ৭৩ শতাংশ লোকৰ অধিকাৰ খৰ্ব কৰি কেৱল মাত্ৰ ২৭ শতাংশ লোককহে প্ৰাধ্যন্য দি অধিকাৰ দিয়া হল ৷ বিটিচিৰ শাসনভাৰ চলাই থকাসকলে ইমানদিনে কৈ আহিছিল যে অঞ্চলটোত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীয়ে সম-অধিকাৰ পাব, সম-বিকাশ হ'ব ৷
কিন্তু তেওঁলোকে যে সকলোকে আঁভুৱা-ভাৰি আহিছিল সেয়া এতিয়া সকলোৱে বুজি পাইছে ৷ সকলোৱে অনুভৱ কৰিছে যে বিটিচিত অন্যান্য জাতি-জনগোষ্ঠীসকল সুৰক্ষিত নহয় ৷ ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰকে ধৰি সকলো অধিকাৰৰ পৰা বঞ্চিত হৈছে ৷ এবি এমছু নেতাজনে বিটিচি চুক্তিক এক অবৈধ চুক্তি বুলি অভিহিত কৰি এই চুক্তিৰ কোনো বৈধতা নাই বুলিও কয় ৷
কাৰণ বিটিচিৰ এনে ২৪টা কৈ পৰিষদীয় সমষ্টি আছে য'ত অন্যান্য জনগোষ্ঠীৰ লোকৰ সংখ্যা অধিক থকাৰ পিচতো তেওঁলোকে সংৰক্ষিত কৰি লৈছে ৷ গতিকে যেতিয়ালৈকে বিটিচি চুক্তিখন পুনৰীক্ষণ কৰা নহয় তেতিয়ালৈকে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলি থাকিব ৷ আমি এই চুক্তিখন কেতিয়াও মানি নলওঁ ৷
লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এখোজ আগুৱাই গৈ যি কেন্দ্ৰীয়শাসিত পৰিষদ দিব বিচাৰিছে, তাৰো তীব্ৰ বিৰোধিতা কৰে ৷ যদি কেন্দ্ৰীয় চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়াহ'লে বিটিচি অঞ্চলত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব তাক চৰকাৰে চম্ভালিব নোৱাৰিব আৰু তাৰবাবে চৰকাৰ দায়ী হ'ব বুলিও স্পষ্ট কৰ দিয়ে ৷
উল্লেখ্য যে সংবাদমেলত সংগঠনকেইটাৰ নেতৃত্বই যৌথ সভাত বিটিচি চুক্তি পুনৰীক্ষণ তথা বিটিএডিত সকলো জাতি-জনগোষ্ঠীৰ সম-মৰ্যাদা আৰু সম-অধিকাৰ নিশ্চিত কৰাৰ বাবে দাবী জনাই গ্ৰহণ কৰা এলানি আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে ৷ ঘোষিত আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ১ ডিচেম্বৰত বাক্সা জিলাৰ তামুলপুৰত, ২ ডিচেম্বৰত ওদালগুৰি জিলাৰ টংলাত, ৫ ডিচেম্বৰত চিৰাং জিলাৰ চিদলীত আৰু ৬ ডিচেম্বৰত কোকৰাঝাৰ জিলাত ছাত্ৰ সংগঠনকেইটাৰ যৌথ সভা অনুষ্ঠিত হ'ব ৷
আনহাতে, ১০ ডিচেম্বৰত কোকৰাঝাৰত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ ইয়াৰ পিচত চৈধ্য ডিচেম্বৰত বিটিএডিৰ চাৰিওখন জিলা সদৰত ধৰ্ণা কাৰ্যসূচী আৰু ২১ ডিচেম্বৰত ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও উল্লেখ কৰে ৷ সংবাদ মেলত নাথ-যোগী ছাত্ৰ সন্থাৰ উপ-সভাপতি তৰংগ নাথকে ধৰি ছাত্ৰ সংগঠনকেইটাৰ কেবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে ৷
- Log in to post comments
- 206 views