অগপক মিত্ৰজোঁট ত্যাগৰ আহ্বানেৰে খুমটাই পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত দুই নাৰীশক্তি অজন্তা নেওগ-বিস্মিতা গগৈ

অগপক মিত্ৰজোঁট ত্যাগৰ আহ্বানেৰে খুমটাই পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত দুই নাৰীশক্তি অজন্তা নেওগ-বিস্মিতা গগৈ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

পঞ্চায়ত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে গোলাঘাটতো টঙালি বান্ধি নিৰ্বাচনী প্ৰচাৰত নামিল দুই নাৰী শক্তি প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ ।

অগপক মিত্ৰজোঁট ত্যাগৰ আহ্বানেৰে খুমটাই পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত দুই নাৰীশক্তি অজন্তা নেওগ-বিস্মিতা গগৈ

মঙলবাৰে দুই শক্তিশালী প্ৰাক্তন মন্ত্ৰীয়ে একেলগে খুমটাইৰ গাঁৱে গাঁৱে চলালে নিৰ্বচনী প্ৰচাৰ । বৰ্তমান চৰকাৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰি এক সমতাপূৰ্ণ, নিকা, দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ আহ্বান জনালে বিধায়িকা অজন্তা নেওগে ।

কংগ্ৰেছৰ দিনত নিত্য আৱশ্যকীয় সামগ্ৰীৰ দৰ বৃদ্ধিক লৈ বা বিদেশী বহিস্কাৰৰ ইছ্যু লৈ জাতি, মাটি, ভেটিৰ শ্লোগানেৰে শাসনৰ বাঘজৰী লোৱা বিজেপি চৰকাৰখনে নিজে বিদেশীৰ বাবে ৰঙা দলিচা পাৰি দিয়াৰ লগতে খাদ্য-সামগ্ৰীৰ অত্যধিক দৰ বৃদ্ধিয়ে অসমীয়া সমাজক কোঙা কৰি পেলোৱাৰ লগতে পেট্ৰ'ল-ডিজেল বা ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে ইতিমধ্যে সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন মৰা বুলি ব্যক্ত কৰে ।

লগতে জাতীয়তাবাদী দল অসম গণ পৰিষদক মিত্ৰজোঁট ত্যাগ কৰি এই সুবিধাবাদী নীতি বৰ্জন কৰাৰো আহ্বান জনায় বিধায়িকাগৰাকীয়ে । একেলগে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়েও নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰি সমষ্টিটোৰ সৰ্বাংগীণ মঙ্গলৰ বাবে এখন নিকা, দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়িবলৈ গাঁওবাসীলৈ আহ্বান জনায় ।

অন্যথা আমি ইয়াতকৈ অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি উল্লেখ কৰে ।

Your Comments