নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি বঙাইগাঁৱত কে'বাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত চিলাৰায় উৰণীয়া সেতুৰ ওচৰত ৰূপায়ণ কৰা গণ সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন সংগঠনৰ নেতা-কৰ্মীসকলে বিজেপি চৰকাৰ হুঁচিয়াৰ, আৰ এছ এছ হুঁচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ, ইন কিলাব জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
উল্লেখ্য যে অৱস্থান কাৰ্যসূচীস্থলীত বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে বিধেয়কখনৰ বিৰোধিতা কৰি বক্তব্যও ৰাখে ৷ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱ নাথে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়খন আমি কেতিয়াও মানি নলওঁ আৰু বিধেয়কখন বাতিল হোৱাটো প্ৰত্যেকজন অসমীয়া মানুহে অন্তৰেৰে কামনা কৰে ৷
বিজেপি আৰু আৰ এছ এছে এই বিধেয়খন যিদৰে আনিব বিচাৰিছে ইয়ে সমগ্ৰ অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া কৃষ্টি-সংস্কৃতিক ধ্বংস কৰি পেলাব ৷ ফলত অসমীয়া অসমতে ভগনীয়া হ'ব ৷ লগতে তাহানিতে ডঃ ভূপেন হাজৰিকাই কোৱা 'আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব' বোলা দিনটো যেন আজি আহি পাইছে আৰু '৮৩ৰ সেই দিনবোৰো যেন আকৌ ঘূৰি আহিব ধৰিছে ৷
সেয়ে এতিয়া সমগ্ৰ অসমবাসীয়ে অন্তৰেৰে কামনা কৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল হ'ব লাগে ৷ যদি বিজেপি আৰু আৰ এছ এছে অসমীয়া মানুহৰ আৱেগ-অনুভূতিক আঘাত দি বিধেয়কখন গৃহীত কৰে, তেতিয়াহ'লে সমগ্ৰ অসমীয়া ৰাইজে বিজেপি আৰু আৰ এছ এছক দীৰ্ঘ দিনৰ বাবে ৰাজনৈতিক ডাষ্টবিনত পেলাই দিবলৈ সাজু আছে বুলিও কয় ৷
আনহাতে, আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে ৰাজ্যৰ ৭০টাকৈ জাতীয় সংগঠনে এই বিধেয়কখন বাতিলৰ দাবীত সোমবাৰৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাহগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰিছে ৷
আজি বঙাইগাঁও জিলাৰ লগতে বিভিন্ন জিলাত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ আমাৰ কথা হ'ল, নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো কাৰণতে গৃহীত কৰিব দিয়া নহ'ব আৰু ইতিমধ্যে আমি মুখ্য মন্ত্ৰীকে ধৰি কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ স্পষ্টকৈ জনাই আহিছো ৷ কিন্তু বৰ্তমান সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যে অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা নাই সেয়া প্ৰমাণিত হৈছে ৷
কাৰণ সোমবাৰে বিধেয়কখনৰ বিৰোধিতা কৰা সংগঠনসমূহক সমাজৰ শত্ৰু বুলি তেওঁ আখ্যা দিছে ৷ আক্ৰাছু নেতাগৰাকীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সকীয়াই দি কয় যে প্ৰকৃততে কোন গণশত্ৰু সেয়া আগন্তুক দিনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ৷ লগতে কয় যে ৰাজহুৱা সভাই-সমিতিয়ে কৰা এনে ধৰণৰ মন্তব্যৰ দ্বাৰা তেওঁৰ কাপুৰুষালিতা প্ৰমাণিত হৈছে ৷
আক্ৰাছু নেতাগৰাকীয়ে এনেধৰণৰ মন্তব্য কৰাৰ বাবে মুখ্য মন্ত্ৰীগৰাকীক ধিক্কাৰ জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় ৷ ইপিনে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ উপ-সভাপতি তৰংগ নাথে কয় যে বিজেপি চৰকাৰ আৰু আৰ এছ এছে এই বিধেয়কখন জাপি দি অসমীয়া জাতিক ধ্বংস কৰিব বিচাৰিছে ৷
কিন্তু আমি কোনোপধ্যেই ইয়াক মানি নলওঁ আৰু এই বিধেয়কখন বাতিলৰ দাবীত আমাৰ আন্দোলন চলি থাকিব ৷ সেইদৰে আমছুৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক হজৰত আলীয়ে কয় যে বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰি আহিছে ৷ শেহতীয়াভাৱে নাগকৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিব বিচাৰিছে ৷
আমি এই বিধেয়কৰ বিৰোধিতা কৰিছোঁ আৰু কৰি যাম বুলিও কয় ৷ বঙাইগাঁও জিলা কলিতা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি কলিতাই কয় যে বিজেপি চৰকাৰৰ এই জাতিধ্বংসী বিধেয়কখন কোনোপধ্যে মানি লোৱা নহ'ব আৰু বিধেয়কখন বাতিল নকৰালৈকে আমাৰ আন্দোলন চলি থাকিব ৷
উল্লেখ্য যে গণ সত্যাগ্ৰহ কাৰ্যসূচীত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়, জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মাচুম ৰেজ্জা, বঙাইগাঁও জিলা কলিতা ছাত্ৰ সন্থাৰ সভাপতি নীলমণি কলিতা, নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথ, বঙাইগাঁও জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি মনু সিংহ আদি উপস্থিত থকাৰ লগতে বিধেয়কখনৰ বিৰোধিতা কৰি বক্তব্য ৰাখে ৷
সংগঠনকেইটাই গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিচত জিলা উপায়ুক্তৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবী জনাই যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে ৷
- Log in to post comments
- 58 views