চৰ-চাপৰি সাহিত্য পৰিষদ, অসমে প্ৰদান কৰি অহা বঁটাসমূহ ঘোষণা কৰা হৈছে । ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, বুদ্ধিজীৱী অজিত কুমাৰ ভূঞালৈ চৰ-চাপৰি সাহিত্য পৰিষদৰ 'ইছমাইল হোছেইন সোঁৱৰণী সম্প্ৰীতি বঁটা' আৰু গোৱালপৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক কাছেমা খাতুনলৈ ভাষা ছহিদ' ওমৰ আলী সোঁৱৰণী ভাষা সন্মান 'প্ৰদানৰ সিদ্ধান্ত লৈছে ।
উল্লেখ্য যে চৰ-চাপৰিবাসী অসমীয়া আৰু অগ্ৰজ অসমীয়া সমাজৰ মাজৰ সমন্বয়ৰ সেতু স্বৰূপ, সু-সাহিত্যিক, শিক্ষাবিদ ইছমাইল হোছেইনৰ স্মৃতিত পৰিষদে বিগত পাঁচ বছৰে এই বঁটা প্ৰদান কৰি আহিছে। বিগত বছৰবোৰত এই সন্মান ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, সাম্প্ৰদায়িকতা বিৰোধী যুঁজৰ এগৰাকী অক্লান্ত কৰ্মী লজ্জাশৰণ হাৰ্ডেনিয়া, ড: হীৰেন গোহাঁই, হোমেন বৰগোহাঞি, শশী শৰ্মা আৰু অধ্যাপক মুনিৰুল হোছেইনৰ দৰে সমন্বয়ৰ ধাৰক-বাহক বিশিষ্ট ব্যক্তিসকললৈ আগবঢ়োৱা হৈছে।
এই বঁটাত আছে নগদ কুৰি হেজাৰ টকা, মান-পত্ৰ, অংগ বস্ত্ৰ আদি । আনহাতে মাধ্যম আন্দোলনৰ সময়ত অসমীয়া ভাষাৰ হকে খাৰুপেটীয়াত দুৰ্বৃত্তৰ হাতত প্ৰাণ আহুতি দিয়া জংগলপাৰা চাপৰিৰ ছহিদ ওমৰ আলীৰ সোঁৱৰণত পৰিষদে বিগত বছৰৰ পৰা 'ওমৰ আলী ভাষা সন্মান 'প্ৰদান কৰি আহিছে। বিগত বছৰটোত এই সন্মান প্ৰদান কৰা হৈছিল ভাষাতত্ত্ববিদ, ঔপন্যাসিক, অধ্যাপক অনুৰাধা শৰ্মালৈ । এইবাৰ পৰিষদে এই সন্মান আগবঢ়াব অসমৰ এগৰাকী প্ৰবীণ কবি, ঔপন্যাসিক, গোৱালপৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক কাছেমা খাতুনক ।
অহা ১৬ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত পৰিষদে এই দুয়োগৰাকী নমস্য লোকক এই সন্মান আগবঢ়াবলৈ সিদ্ধান্ত লৈছে । অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিপ্ৰেমী সকলো লোককে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো ধৰণে সহায়-সহযোগিতা আগবঢ়াবলৈ চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডঃ হাফিজ আহমেদ আৰু সাধাৰণ সম্পাদক হালিম খান চৌধুৰীয়ে বিনীতভাৱে অনুৰোধ জনাইছে ৷
- Log in to post comments
- 41 views