বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বাবেই আজি পুনৰ নতুন নতুন ডেকা ল'ৰাই উগ্ৰপন্থী সংগঠনলৈ যাব ধৰিছে ৷ এই মন্তব্য কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ আজি বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছিল আৰু আলফাই নহয়, এনডিএফবিকে ধৰি বিভিন্ন সংগঠনলৈ যোৱা যুৱকসকল লাহে লাহে মুল সূঁতিলৈ ঘুৰি আহিছিল ৷ কিন্তু বিজেপি দল শাসনলৈ অহাৰ পিচতে পুনৰ আজি সন্ত্ৰাসবাদলৈ ডেকা ল'ৰাবিলাক ঘৰি যাব ধৰিছে ৷
ফলত পুনৰ ২০০১ চনৰ আগৰ অৱস্থালৈ ৰাজ্যখনৰ পৰিস্থিতি গতি কৰিছে ৷ যুৱকসকলৰ আজি সন্ত্ৰাসবাদলৈ আগ্ৰহ বা ঘুৰি যাব বিচৰা বিষয়টোৱে বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰখনে বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদিয়ে যুৱ শক্তিক যি আশ্বাস দিছিল সেই আশ্বাস পালন কৰিব নোৱাৰাটোকে সূচায় ৷ বিজেপি চৰকাৰখনে যুৱকসকলক প্ৰৱঞ্চনা কৰিছে ৷ কাৰণ এই যুৱকসকলেই ভোট দি বিজেপি দলক জয়ী কৰিছিল ৷ গতিকে যুৱকসকলক কৰা অৱজ্ঞাৰ পৰিণাম বিজেপি চৰকাৰ আৰু দলে পাব বুলিও কয় ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে আৰু কয় যে নিবনুৱা সমস্যাৰ কাৰণে বহুতে ভৱিষ্যৎ অন্ধকাৰ দেখি উগ্ৰপন্থী সংগঠনলৈ যায় ৷ চৰকাৰখনে নিবনুৱা সমস্যাৰ ওপৰত গুৰুত্ব দিয়া আৰু যুৱকসকলৰ সমস্যাৰ ওপৰত গুৰুত্ব নিদিয়াৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ফলত চৰকাৰখনে যে মূল সমস্যা সমাধানত ব্যৰ্থ হৈছে সেয়া প্ৰমাণিত হৈছে ৷ অৱশ্যে তেওঁ সকলো যুৱকে নিবনুৱা সমস্যাৰ বাবেই উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ বিপৰীতে একাংশই আদৰ্শগত কাৰণ তথা স্বাধীন অসমৰ দাবীত সন্ত্ৰাসবাদী সংগঠনলৈ যায় বুলি প্ৰকাশ কৰে ৷
এই ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক গুৰুত্ব নিদি যিসকল যুৱকে অসন্তুষ্ট হৈ উগ্ৰপন্থী সংগঠনত যোগদান কৰিছে সেইসকলক উপলুঙা কৰাত ইয়াতকৈ দুখৰ বিষয় কিবা হ'ব পাৰেনে বুলিহে কয় ৷ ইপিনে ডিমৌত নিৰীহ বঙালী ভাষীক হত্যা কৰা হ'ল বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বেও ধলাত নিৰ্দোষী লোকক হত্যা কৰা হ'ল ৷ কিন্তু আজিলৈকে কোন দোষী বা ঘটনাৰ সৈতে জড়িতক চৰকাৰে উলিয়াব পৰা নাই ৷
কিয় ইমান দিন লাগে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ আনহাতে ৰেৱতী ফুকনৰ নিৰুদ্দেশৰ ঘটনাটোক তেঁও গুপ্তহত্যা বুলি সন্দেহ প্ৰকাশ কৰা বুলি কয় ৷ দিন দুপৰতে তেওঁত কোনে নিলে তাকো উলিয়াব পৰা নাই ৷ এবিএমছু নেতা লাফিকুল ইছলামৰ হত্যাকাৰীৰো সন্ধান উলিয়াব পৰা নাই ৷ গুৱাহাটীৰ মাজমজিয়াৰ উগ্ৰতাৰা মন্দিৰত মাজ নিশা চুৰিৰ ঘটনা হয় ৷ চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাই ৷ গতিকে এয়াই হ'ল ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি বুলি মন্তব্য কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰখন কাগজত চলি থকা বুলিহে সমালোচনা কৰে ৷ ইপিনে সংবাদ মেলত বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয় যে আজি বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কথা কয় ৷
কিন্তু এই বিজেপি চৰকাৰৰ দিনতহে আটাইতকৈ বেছি দুৰ্নীতি হৈছে ৷ চিণ্ডিকেট চলিছে ৷ যাৰ বাবে বস্তুৰ দাম বৃদ্ধি হৈছে বুলিও কয় ৷ সেইদৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত কয় যে বিজেপি চৰকাৰে এই বিধেয়কখন আনি অসমৰ ভাষা-কলা-কৃষ্টি ধ্বংস কৰিবলৈ ওলাইছে ৷ জাতি-মাটি-ভেঁটি ৰক্ষা কৰাটো বাদেই, বৰং নিজৰ স্বাৰ্থত এই চৰকাৰখনে জাতি-মাটি বিক্ৰী কৰিবলৈ ওলাইছে বুলি অভিযোগ উত্থাপন কৰে ৷ আনহাতে এপিএচছি কেলেংকাৰী সন্দৰ্ভত কয় যে বিজেপি চৰকাৰে এপিএচছি কেলেংকাৰীৰ নামত ক্ৰেডিট লয় ৷
কিন্তু ৰাকেশ পালৰ ভাতৃক দুবছৰ ধৰি গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷ তেওঁ ইয়াৰ বাবে গৃহ বিভাগ দায়ী বুলি কৈ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে জগৰীয়া কৰে ৷ মুখ্যমন্ত্ৰী সেণোৱালে আনক ধৰিবলৈ নিৰ্দেশ দিয়ে যদিও ৰাকেশ পালৰ ভাতৃক ধকাৰ বাবে নিৰ্দেশ দিয়া দেখা নাই বুলি কয় ৷ উল্লেখ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে আজি সদ্য প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক চন্দন কুমাৰ সৰকাৰৰ অভয়াপুৰীস্থিত গৃহত উপস্থিত হৈ মৃতকৰ পৰিয়ালৰ খা-খবৰ লোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জনায় ৷
প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগত ৰেল যোগে নিউ বঙাইগাঁও ৰেলৱে জংচনত উপস্থিত হৈ তাৰ পৰা বাহনেৰে অভয়াপুৰীলৈ ৰাওনা হয় ৷ পিচত ওভতি আহি এই সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত বিধায়ক আব্দুল হাই নাগৰি, জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰিশ বৰুৱা, বিশ্বজিৎ ৰায় আদি উপস্থিত থাকে ৷
- Log in to post comments
- 23 views