আক্ৰাছুৰ অসম বন্ধ : বঙাইগাঁৱত সৰ্বাত্মক প্ৰভাৱ

আক্ৰাছুৰ অসম বন্ধ : বঙাইগাঁৱত সৰ্বাত্মক প্ৰভাৱ

বিটিএডিক ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিললৈ উন্নীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যো-জা চলোৱাৰ প্ৰতিবাদত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা বিভিন্ন সংগঠনে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া অসম বন্ধৰ ফলত আজি দ্বিতীয় দিনাও নামনি অসমৰ বঙাইগাঁও জিলাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে ৷

বন্ধৰ সময়ত ব্যৱসায়িক চহৰ বঙাইগাঁৱৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক তথা বীমা প্ৰতিষ্ঠান, প্ৰায়ভাগ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি বন্ধ থকাৰ লগতে ৰাজপথত যান-বাহনৰ চলাচল বন্ধ থাকে ৷

আক্ৰাছুৰ অসম বন্ধ : বঙাইগাঁৱত সৰ্বাত্মক প্ৰভাৱ

ইপিনে বন্ধৰ সমৰ্থনত আক্ৰাছু কৰ্মীয়ে চহৰখনৰ বৰপাৰাৰ মূল ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক দিলীপ বৰুৱাৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আক্ৰাছু নেতা-কৰ্মীসকলে ৰাজপথত টায়াৰ জ্বলোৱাৰ লগতে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল গঠনৰ সিদ্ধান্ত বাতিল কৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কোনো কাৰণতে ঐতিহাসিক কমতাপুৰৰ ভূমিত ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল অথবা কোনো লেণ্ড গঠন কৰিব দিয়া নহ'ব বুলি কৈ বিজেপি চৰকাৰৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে আক্ৰাছুৱে তীব্ৰ আন্দোলন কৰি যাব বুলি কয় ৷

Your Comments