অনাস্থা প্ৰস্তাৱে পোহৰলৈ আনিলে সংসদত শাসক-বিৰোধীৰ প্ৰকৃত ছবি

অনাস্থা প্ৰস্তাৱে পোহৰলৈ আনিলে সংসদত শাসক-বিৰোধীৰ প্ৰকৃত ছবি

লোকসভাত জয়-পৰাজয় প্ৰধান কথা নাছিল শাসকীয় বিজেপি তথা এন ডি এ মৰ্চাৰ৷ জয়-পৰাজয় প্ৰধান বিষয় নাছিল বিৰোধী পক্ষৰ বাবেও৷ কাৰণ সংখ্যাৰ হিচাপত চৰকাৰ পক্ষৰ জয় পূৰ্বৰে পৰাই নিস্চিত আছিল৷ আৰু সেয়াই হ’ল ৷ গোটেই দিন জুৰি লোকসভাত বিৰোধী পক্ষই উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ পিছত নিশা ১১.১৫ বজাত ৩২৫-১২৬ ভোটৰ ব্যৱধানত প্ৰস্তাৱটো নাকচ হয়৷ লক্ষণীয় দিশ হৈছে যে, বিৰোধী আৰু চৰকাৰ- উভয় পক্ষই সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ অনাসংসদৰ মজিয়াত অনাস্থা প্ৰস্তাৱটোক পৰম্পৰৰ বিৰুদ্ধে প্ৰচাৰ আৰু আক্ৰমণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে৷ উভয় পক্ষই আংশিকভাৱে সেই লক্ষ্যত সফল যদিও নিজৰ নিজৰ দুৰ্বলতাবোৰ কোনো পক্ষই কিন্তু ঢাকি ৰাখিবলৈ সক্ষম নহ’ল ৷

বিজেপিয়ে এন ডি এৰ আটাইবোৰ মিত্ৰ দলক নিজৰ নিজৰ সপক্ষে টানি অনাত ব্যৰ্থ হ’ল৷ এন ডি এৰ প্ৰধান অংশীদাৰ শিৱসেনা দল আৰু এন ডি এৰ বাহিৰৰ অন্যতম দুই প্ৰধান শক্তি টি আৰ এছ আৰু বিজু জনতা দলৰ সমৰ্থন ল্’বলৈ বিজেপিয়ে চেষ্টা চলাইছিল যদিও মুখ থেকেচা খায়৷ লোকসভাত অনাস্থা প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ এদিন পূৰ্বে বিজেপিৰ সভাপতি অমিত শ্বাহে শিৱসেনাৰ মুৰব্বী উদ্ধৱথাকৰেৰ সৈতে টেলিফোনত কথাও পাতে৷ কিন্তু শুক্ৰবাৰে অনাস্থা প্ৰস্তাৱ লৈ হোৱা আলোচনাক শিৱসেনা, বিজু জনতা দল আৰু টি আৰ এয়ে আলোচনা বৰ্জন কৰি শাসকীয় পক্ষৰ বিৰুদ্ধে বৃহৎ আঘাত হানে ৷

সংসদৰ বিগত অধিবেশনত তেলেগু দেশম, কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ চেষ্টা কৰিছিল৷ পিছে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে বিৰোধীৰ সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল৷ তদুপৰি বিজেপিয়েও প্ৰবলভাৱে বাধা দিছিল৷ কিন্তু এইবাৰ সেই বিজেপিয়েই সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰস্তাৱক আদৰণি জনায়৷ এইবাৰ বিজেপিৰ লক্ষ্য আছিল লোকসভাৰ মজিয়াত চৰকাৰৰ কাম-কাজ আৰু সফলতাৰ খতিয়ান দাঙি ধৰি দেশবাসীলৈ বাৰ্তা প্ৰচাৰ কৰা আৰু বিৰোধীৰ অনৈক্য আৰু দুৰ্বলতাবোৰ উদঙাই দি বিৰোধীৰ মাজত বিভাজন অধিক তীব্ৰ কৰি তোলা ৷

parliament-india

এই লক্ষ্য সাধনত বিজেপি কিছু সফল হৈছে যদিও শিৱসেনা সহ ভালেমান দল যে বিজেপিৰ শ্ৰুতলিপি মানি ল’বলৈ সাজু নহয় সেই কথা স্পষ্ট হৈ পৰিছে৷ বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ আঘাত হৈছে, শুক্ৰবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে অনাস্থা প্ৰস্তাৱৰ ওপৰত হোৱা বিতৰ্কত ভাগ লৈ দিয়া ভাষণক শিৱসেনাৰ পূৰ্ণ সমৰ্থন জ্ঞাপন৷ যদিও লোকসভাত চৰকাৰীপক্ষই ৰাহুলৰ প্ৰতিটো অভিযোগ খণ্ডন কৰে তথাপি এন ডি এৰ অংশীদাৰ শিৱসেনাই ৰাহুল গান্ধীলৈ দিয়া সমৰ্থন বিজেপিৰ বুকুত শেল হিচাপেই গণ্য হৈছে ৷

লোকসভাৰ মজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সহ বিজেপিৰ নেতাসকলে চৰকাৰৰ গুণানুকীৰ্তন কৰি সৰব ভূমিকা লৈছে৷ কিন্তু একেদৰে বিৰোধী দল বিলাকেও ‘সোপাধৰা’ৰ নামত দেশজুৰি চলা গণ প্ৰহাৰৰ ঘটনা ৰোধ কৰাত চৰকাৰৰ চৰম ব্যৰ্থতাক উদঙাই দিয়ে৷তদুপৰি সংঘ পৰিয়ালৰ স্বয়ম্ভু ‘গো-ৰক্ষা’ বাহিনীৰ তদন্ত, বিজেপিৰ সভাপিত অমিত শ্বাহৰ পুত্ৰৰ বিয়াগোম দুৰ্নীতি আদি বিষয়বোৰ সংসদৰ মজিয়াত সবলভাৱেই উত্থাপন কৰে৷ লক্ষণীয়ভাৱে গণ প্ৰহাৰ আৰু গো-ৰক্ষাক বাহিনীৰ তাণ্ডবৰ প্ৰসঙ্গত গৃহমন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত তেওঁৰ ভাষণত কোনো সদুত্তৰ দিয়াৰ পৰিবৰ্তে ১৯৮৪ চনত শিখ বিৰোধী দাংগা’ৰ প্ৰসঙ্গ উত্থাপন কৰি গো-ৰক্ষা বাহিনীৰ তাণ্ডবক মান্যতাহে দিয়ে৷

বিৰোধী দলেবাৰে চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিসমূহকো সমালোচনাৰে থকা সৰকা কৰে যদিও, সুদৃঢ় বিৰোধী ঐক্যৰ বাৰ্তা দিয়াত ব্যৰ্থ হয়৷ বৰং তেওঁলোকৰ অধিকাংশই নিজ নিজ দলীয় আৰু স্থানীয় স্বাৰ্থকেই অধিক প্ৰাধান্য দিয়া দেখা যায়৷ বিৰোধীয়ে এই লোকসভাৰ মজিয়াত দেশব্যাপী বিজেপিবিৰোধী বৃহত্তৰ ঐক্যৰ বাৰ্তা দিয়াত সম্পূৰ্ণভাৱে ব্যৰ্থ হ’ল৷ বিশেষকৈ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আচৰণত ৰাজনৈতিক অপৰিপক্কতাদৃষ্টকটুভাৱেই প্ৰকট হৈ পৰিছে৷ সৰ্বভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত ‘ভাৱী প্ৰধানমন্ত্ৰী’ হিচাপে ৰাহুলৰ গ্ৰহণযোগ্যতাও প্ৰশ্নৰ মুখত পৰিছে৷ তদুপৰি ভাষণৰ শেষত নিজৰ আসনৰ পৰা উঠি গৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক অকস্মাৎ সাৱটি ধৰি আলিঙ্গন কৰাটো ল’ৰামতীয়া আচৰণৰ বাহিৰে আন একো নহয় বুলি ৰাজনৈতিক মহেল ব্যক্ত কৰিছে৷ 

Your Comments