বিজেপি নেতৃত্বাধীন শাসনাধিষ্ঠিত চৰকাৰে গোপনে বিটিএডিক ইউনিয়ন টেৰিট'ৰিয়েল কাউন্সিল (ইউটিচি) লৈ উন্নীতকৰণৰ যি কুচকাৱাজ চলাইছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে।
এই সন্দৰ্ভত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক জীৱেশ ৰায়ে এক প্ৰেছ বিবৃতিযোগে কয় যে বিটিএ়ডিৰ গৰিষ্ঠ সংখ্যক খিলঞ্জীয়া জনগণৰ ৰাজনৈতিক অধিকাৰ শূণ্য কৰি বিজেপিয়ে যি ভয়ংকৰ সিদ্ধান্ত লবলৈ গৈ আছে, সেয়া অঞ্চলটোক আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ পিনেহে ঠেলি দিব।
প্ৰশাসনিক পৰিষদৰ বৃদ্ধিৰ তীব্র বিৰোধিতা কৰি কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ নেতৃত্বই আৰু কয় যে বৰ্তমানৰ পৰিসৰতে গৰিষ্ঠ সংখ্যক খিলঞ্জীয়া কোচ ৰাজবংশীকে ধৰি অন্যান্য জনগোষ্ঠীসমুহে প্ৰতি মুহুৰ্ততে অৱদমন, অবিশ্বাস, নিৰাপত্তাহীনতাত দিন পাৰ কৰিব লগা হৈছে। নিজ গৃহ ভূমিতেই ৰাজনৈতিক তথা আৰ্থ-সামাজিক অধিকাৰ বিহীন হৈ স্বাধীন ৰাষ্ট্ৰৰ তৃতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈ পৰিছে।
তেনেস্থলত এটা বিশেষ জনগোষ্ঠীক তুষ্টিকৰণত ব্যস্ত হৈ উন্নয়নৰ পিছত উন্নয়ন, ৰাজনৈতিক পৃষ্ঠপোষকতাত প্ৰাপ্যৰ পিছতো উদৰ পুৰাই প্ৰাপ্য পূৰণ কৰি আচলতে তোষামোদী কাৰ্যই অঞ্চলটোৰ সমবিকাশ, সমউন্নয়ন আৰু সমঅধিকাৰকে তীব্র তাচ্ছিল্য কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰে দুখনে ।
কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে চৰকাৰৰ এনে হঠকাৰী, অগণতান্ত্রিক সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি যাব আৰু পৰিস্থিতিৰ ওপৰত অহৰহ পৰ্যবেক্ষণ কৰাই নহয় প্ৰয়োজন সাপেক্ষে তীব্র আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও কয় ৷
লগতে এই বিষয় সন্দৰ্ভত সদৌ অসম কোচ ৰাজবংশী যুব ছাত্ৰ সন্মিলনীয়ে কাইলৈ আহ্বান জনোৱা অসম বন্ধলৈ সংগঠনটোৱে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথাও প্ৰেছ বিবৃতিটোত নেতাদ্বয়ে প্ৰকাশ কৰিছে।
- Log in to post comments
- 25 views