বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তথা নাগ্ৰীজুলি বন বিভাগৰ অধীনস্থ ২নং দঙাৰগাঁৱত যোৱানিশা বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু ঘটে । উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিনে চলি অহা হাতীৰ উপদ্ৰৱত অঞ্চলবাসীৰ নিদ্ৰা হৰণ কৰাৰ লগতে এক আতংকময় পৰিবেশৰ সৃষ্টি হৈ আহিছে । বনাঞ্চলৰ পৰা জনাঞ্চলৈ খাদ্যৰ সন্ধানত দৈনিক সীমান্তৱৰ্তী গাঁৱলৈ ওলাই আহে বন্যহস্তীৰ জাক ৷
ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে নিশা অঞ্চলটোৰ মাজত হাতীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলাই অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ উপৰি খেতিপথাৰৰ শস্য খাই তহিলং কৰে ।
ইফালে বন্যহস্তীৰ জাকটোৱে বাসগৃহ লণ্ডভণ্ড কৰাৰ সময়ত প্ৰাণ বচাবলৈ লোকসকলে যেনিয়ে তেনিয়ে পলাবলৈ চেষ্টা কৰে । কিন্তু হাতীৰ জাকটোৰ আক্ৰমণত বৃন্দাবন তাঁতী (৫৫) নামৰ ব্যক্তিজন থিতাতে নিহত হয় ।
এই ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয় । ইপিনে ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
- Log in to post comments
- 4 views