বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰ বালিশিহাত কালি নিশা আচিনাক্ত দুৰ্বৃত্তই এখন বাহন জ্বলোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণিত প্ৰকাশ যে যোৱা নিশা গোবিন্দ কলিতা নামৰ লোকজনৰ এখন মাল টনা এ.এছ. ২৫-চি চি-৯৮১১ নম্বৰৰ চাৰিচকীয়া বাহনখনত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে ।
বাহনখনৰ মালিক গোবিন্দ কলিতাৰ ঘৰলৈ যোৱা পথ চোৱা বেয়া হোৱা বাবে গোবিন্দই গাড়ীখন নিশা জিতেন ৰাভাৰ ঘৰত থয় । কালি নিশা কোনো দুৰ্বৃত্তই বৰ বালিশিহাৰ জিতেনৰ ঘৰৰ পৰা গাড়ীখন ঠেলি পথলৈ আনে আৰু গাড়ীখনত অগ্নি সংযোগ কৰে । নিশা প্ৰায় ১২-২০ বজাত গাড়ীখন দাউ-দাউ কৈ জ্বলি উঠাত জিতেন ৰাভাই গম পাই চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকে গাড়ীখনৰ অগ্নি নিৰ্বাপন কৰে যদিও গাড়ীখনৰ অধিকাংশই অগ্নিদগ্ধ হৈ ক্ষতিগ্ৰস্ত হয় ।
খবৰ পোৱাৰ লগে লগে গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে । সন্দেহ কৰা মতে কোনো দুৰ্বৃত্তই বাহনখন চুৰি কৰি নিয়াৰ চেষ্টা চলাইছিল যদিও চুৰি কৰাত ব্যৰ্থ হৈ গাড়ীখনত অগ্নি সংযোগ কৰি পলায়ন কৰে । ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ।
- Log in to post comments
- 4 views