সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ প্ৰতিবাদেৰে অসমৰ সকলো দল-সংগঠনে অসমৰ পৰিবেশ উত্তাল কৰি তুলিছে । অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অস্তিত্ব ৰক্ষাৰ্থে ৭০টা জনগোষ্ঠীয় সংগঠনৰ ঐকমত্যত সংকল্প যাত্ৰাৰে সুদূৰ শদিয়াৰ পৰা মটৰচাইকেল ৰেলীৰে কালি উপস্থিত হয় বাক্সা জিলাৰ তামুলপুৰত ।
বাক্সা জিলাৰ বিভিন্ন দল-সংগঠনৰ তিনি শতাধিক সদস্যই হাতে হাতে প্লে'-কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, এই জুই জ্বলিছে জ্বলিবই, আমাৰ দাবী ন্যায্যা দাবী, খেদ ঐ খেদ বাংলাদেশী খেদ আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ-বতাহ কঁপাই তোলে ।
সংকল্প যাত্ৰাৰ সময়ত আজি তামুলপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন, বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি নীলধৰ কলিতাকে ধৰি কেইবাগৰাকী নেতা-কৰ্মীক তামুলপুৰ আৰক্ষীয়ে আটক কৰে ।
আনহাতে, আৰক্ষীৰ চকুত ধূলি দি একাংশই মটৰচাইকেল ৰেলীৰে গুচি যায় ৷
- Log in to post comments
- 6 views