তামুলপুৰত এখন মহাবিদ্যালয় নথকাটো দুৰ্ভাগ্যজনক : নিতুমণি শইকীয়া

তামুলপুৰত এখন মহাবিদ্যালয় নথকাটো দুৰ্ভাগ্যজনক : নিতুমণি শইকীয়া

তামুলপুৰ বিধানসভা সমষ্টি আঢ়ৈ লাখ জনসংখ্যাৰে পৰিপূৰ্ণ ৷ প্ৰায় এক লাখ আশী হেজাৰ ভোটাৰ আছে ৷ বিটিচিৰ ভিতৰতে শিক্ষাৰ হাৰো মন কৰিবলগীয়া ৷ কিন্তু এনেহেন জনবহুল তথা শিক্ষিত লোকেৰে পৰিপুষ্ট তামুলপুৰত এখন পূৰ্ণাগ পৰ্যায়ৰ স্নাতক মহাবিদ্যালয় আজিকোপতি নথকাটো দুৰ্ভাগ্যজনক ৷

কিয়নো ৰাজ্য চৰকাৰখনে বিগত দিনত য’ত কলেজ আছে তাতো নতুন কলেজ স্থাপন কৰিছে ৷ আনকি দীনদয়াল উপাধ্যায়ৰ নামত কে'বাখনো ঠাইত প্ৰয়োজন নোহোৱা সত্ত্বেও কলেজ স্থাপন কৰিছে ৷ তামুলপুৰত কিয় স্থাপন কৰা হোৱা নাই ? তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ পুৰন্দৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিক বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই এনেদৰে মন্তব্য কৰে ৷

তামুলপুৰত এখন মহাবিদ্যালয় নথকাটো দুৰ্ভাগ্যজনক : নিতুমণি শইকীয়া

তেওঁ বিধায়কগৰাকীক এইক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'বলৈও আহ্বান জনাই কয় যে বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ বাবে যিখিনি কৰি আহিছে সেয়া শলাবলগীয়া ৷ কলেজখন স্থাপনৰ স্বাৰ্থত আৰু অধিক পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে তামুলপুৰীয়া ৰাইজৰ বাবে ৷ এই ক্ষেত্ৰত ময়ো নিজে যিখিনি পাৰো ব্যৱস্থা ল'ম বুলি সভাত উপস্থিত থকাসকলৰ মাজত আবেগিক হৈ সদৰী কৰে ৷

শইকীয়াই ছাত্ৰ সমাজক সঠিক দিশেৰে অধ্যয়ন কৰি মানৱ সম্পদ আহৰণ কৰিবলৈও আহ্বান জনায় ৷ তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে এজন ভাল মানুহ হোৱাৰ লক্ষ্য বান্ধি লওক ৷ এজন ভাল ডাক্তৰ বা ইঞ্জিনীয়াৰ হ'লেও যদি ভাল মানুহ হব নোৱৰে তেতিয়া একো লাভ নাই ৷ সেয়ে এগৰাকী ভাল মানুহ হ'বলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷

সভাত আনগৰাকী মুখ্য অতিথি স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰি সমষ্টিটোৰ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়ি যোৱাৰ বাবে কি কি কাম কৰিছে সেয়া অৱগত কৰে ৷ সভাত গুৱাহাটী কলেজৰ অধ্যক্ষ চানচুমা খুংগুৰ বড়ো, কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক গোপেন মজুমদাৰে নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা শৈক্ষিক ক্ষেত্ৰৰ ওপৰত সাৰুৱা ভাষণ দিয়ে ৷

সভাত বিদ্যালয়খনৰ অধ্যক্ষ বিভূতি ডেকা, উপাধ্যক্ষ দিলীপ কুমাৰ বড়ো প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মদন মোহন শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষকসকল, কে'বাখনো স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকসহ স্থানীয় নাগৰিকসকল উপস্থিত থাকে ৷

Your Comments