গহপুৰত ৫ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

ৌ

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে দুটা পৰ্যায়ত ঘোষণা কৰা পঞ্চায়ত নিৰ্বাচনৰ সূচী অনুসৰি অহা ৫ ডিচেম্বৰ তাৰিখে গহপুৰ মহকুমাৰ অধীনৰ ২খন আঞ্চলিক পঞ্চায়ত, ৪টা জিলা পৰিষদ সমষ্টি আৰু ৩৪খন গাঁও পঞ্চায়তৰ বাবে ভোটগ্ৰহণ কৰা হ'ব । আঞ্চলিক পঞ্চায়তকেইখন হৈছে ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ ।

সেইদৰে জিলা পৰিষদৰ সমষ্টিকেইটা হ'ল হেলেম-'ক', হেলেম-'খ', কলাবাৰী আৰু লোহিতমুখ । এইবাৰ মহকুমাটোৰ ৩৪৩টা ভোটকেন্দ্ৰত মুঠ ১,৭১,৯২৭ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰে ৮৯,৫৬৩ গৰাকী পুৰুষ আৰু ৮২,৩৬৪ গৰাকী মহিলা ভোটদাতা । ভোট কেন্দ্ৰসমূহৰ ভিতৰত ৯৩টা অতি স্পৰ্শকাতৰ, ১৭৬টা স্পৰ্শকাতৰ আৰু ৭৪টা সাধাৰণ হিচাপে চিহ্নিত কৰা হৈছে ।

নিৰ্বাচনৰ বাবে ৫৭৫টা বেলট বাকচৰ প্ৰয়োজন হ'ব । নিৰ্বাচন পৰিচালনাৰ বাবে ৩ গৰাকী মাষ্টাৰ প্ৰশিক্ষক, ১৫ গৰাকী প্ৰাধিকৃত বিষয়া, ৮ গৰাকী মাণ্ডলিক বিষয়া আৰু ২১ গৰাকী খণ্ড পৰ্যায়ৰ বিষয়া নিয়োজিত কৰা হ'ব । মহকুমাটোত মুঠ ৪টা ষ্ট্ৰং ৰূম আৰু ৪টা ভোটগণনা কক্ষৰ ব্যৱস্থা কৰা হৈছে ।

নিৰ্বাচন পৰিচালনাৰ বাবে মহকুমাধিপতিয়ে ইতিমধ্যেই কেইবাটাও কোষ গঠন কৰি দিছে । উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰিৰ লগে লগেই মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহে যোৱা ৫ নৱেম্বৰত গহপুৰ মহকুমাৰ বাবে নিৰ্বাচনৰ জাননী জাৰি কৰে । তাৎক্ষণিকভাৱে মহকুমাটোত আৰ্হি-আচৰণবিধি বলৱৎ হয় ।

ৰাজনৈতিক দলসমূহ, প্ৰাৰ্থী আৰু অন্যান্যসকলৰ ওপৰত আৰ্হি-আচৰণবিধি নিৰীক্ষণ কোষে তীক্ষ্ণ নজৰ অব্যাহত ৰাখিছে আৰু এই বিধি উলংঘা কৰাসকলৰ বিৰুদ্ধে জনপ্ৰতিনিধিত্ব আইনৰ প্ৰযোজ্য ধাৰা অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি গহপুৰৰ নিৰ্বাচনী বিষয়া ৰমী বৰুৱাই জানিবলৈ দিছে ।

Your Comments