বিমুদ্ৰাকৰণৰ দ্বিতীয় বৰ্ষপূৰ্তিত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচীয়ে আজি কঁপাই তুলিলে মহানগৰীৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সন্মুখৰ ৰাজপথ। হাতে হাতে প্লে'-কাৰ্ড লৈ ওলাই আহিল বৃহৎ সংখ্যক কংগ্ৰেছীয়ে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে বিমুদ্ৰাকৰণৰ এক পৰিকল্পিত লুণ্ঠন, সাধাৰণ লোকক মাধমাৰ, চকীদাৰ হ'ল গৈ ভাগীদাৰ, গৃহিনীসকলক চোৰ সজালে কোনে?
নৰেন্দ্ৰ মোডীয়ে নৰেন্দ্ৰ মোডীয়ে, বিমুদ্ৰাকৰণে নকল নোটৰ প্ৰচলন বন্ধ কৰিল নে আদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিলে ৰাজপথ।প্ৰতিবাদত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে আজিৰ দিনটোতেই দুবছৰৰ আগত নৰেন্দ্ৰ মোডী চৰকাৰে হঠাৎ ৰাতি অৰ্থনৈতিক অৱস্থাটোক কোঙা কৰি যোৱা এক অৱস্থাৰ সৃষ্টি কৰিছিল ।
আজিৰ দিনটোৰ বাবেই সাধাৰণ জনতাই এ টি এম সমূহত শাৰী পাতি ৰৈ জীয়াটো ভুগিব লগাত পৰিছিল আৰু ইয়াৰ তদন্ত কৰিলে নৰেন্দ্ৰ মোডীৰ বিমুদ্ৰাকৰণ কেলেংকাৰী ওলাই পৰিব । আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই কয় যে আজি সমগ্ৰ দেশতে কংগ্ৰেছৰ লোকসকলে বিমুদ্ৰাকৰণৰ বাবে প্ৰতিবাদ কৰিছে । বিমুদ্ৰাকৰণৰ আজি দুবছৰ হ'ল । মোডী চৰকাৰে সেই সময়ত কৈছিল যে এই বিমুদ্ৰাকৰণৰ দ্বাৰা দেশৰ অৰ্থনীতি উন্নত হ'ব, কোনো ক'লা টকা নাথাকিব, ভাৰতত জাল নোট বন্ধ হ'ব ।
কিন্তু আজিলৈকে তেনে নহ'ল । সেয়েহে মোডী চৰকাৰ বিমুদ্ৰাকৰণত সম্পূৰ্ণভাৱে বিফল হৈছে । প্ৰতিবাদ স্থলীত আৰক্ষীৰ লোকসকলে প্ৰতিবাদকাৰীসকলক বেৰী কেড দি বাধা দিয়াৰ চেষ্টা কৰিছিল । কিন্তু প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সেই বেৰীকেডসমূহ ভাঙি আগুৱাই যাবলৈ চেষ্টা কৰে আৰু প্ৰতিবাদৰ মাজতেই সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ৰুকিবুল হুছেইনে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু আন আন প্ৰতিবাদী৷
- Log in to post comments
- 18 views