আজি ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হাৰিশ ৰাৱাত, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত অভিনেতা নয়ন নিৰ্বাণ বৰুৱাই কংগ্ৰেছ দলত যোগ দিয়ে। অভিনেতা নয়ন নিৰ্বাণৰ লগতে পুনৰ কংগ্ৰেছলৈ আহিল বিধায়িকা অমিয়া গগৈ । ২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰিছিল প্ৰাক্তন বিধায়িকা গৰাকীয়ে ।
কংগ্ৰেছ দলত পুনৰ যোগদান কৰি প্ৰাক্তন বিধায়িকা গৰাকীয়ে কয় যে কংগ্ৰেছ দলে নিৰ্বাচনৰ টিকট নিদিয়াৰ বাবে মনৰ দুখতে কংগ্ৰেছ এৰিছিল তেওঁ । সংবাদমেল খনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হাৰিশ ৰাৱাতে তিনিচুকীয়াৰ হত্যাকাণ্ডৰ কথা প্ৰসঙ্গত কয় যে অসম চৰকাৰে দোষীক কৰায়ত্ত কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। বিজেপিয়ে সদায় আৰ এছ এছ ৰ মতেই সকলো কাম কৰে বুলিও হাৰিশ ৰাৱাতে মন্তব্য কৰে ।
- Log in to post comments
- 65 views