জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি কটন বিশ্ববিদ্যালয়ত ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনে এক ৰাইজমেলৰ আয়োজন কৰে ।
ৰাইজমেলত উপস্থিত হৈ অখিল গগৈৰ আহ্বান "এই জটিল সন্ধিক্ষণত আমাক আপোনালোকৰ পৰামৰ্শ দিয়ক ।" তেওঁ লগতে কয় যে অসমীয়া জাতীয়তাবাদক দিল্লীয়ে মষিমূৰ কৰিব বিচাৰিছে । এই বিধেয়কখনৰ জৰিয়তে বিজেপি চৰকাৰে ভাৰতক এখনি হিন্দু ৰাষ্ট্ৰ কৰাৰ চক্ৰান্ত কৰিছে ।
বিজেপিক এতিয়া ৰাম মন্দিৰ লাগে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে হিন্দুত্বৰ জোঁৱাৰ আনিব বিচাৰিছে বুলিও অখিল গগৈয়ে কয় । ৰাইজমেলত উপস্থিত হৈ অনুপ চেতিয়াই কয় যে জাতিটোৰ কাৰণে আমি সৰু হৈ এক খোজ আগবাঢ়ি যাব লাগিব ।
আছু যদি আমাৰ ওচৰলৈ নাহে তেনেহ'লে আমি সৰু হৈ তেওঁলোকৰ ওচৰলৈ যাব লাগে । জাতিটোৰ স্বাৰ্থত আমি সদায় এক আৰু এনেদৰে এক হৈ থকাৰ প্ৰয়োজন আছে বুলি মই ভাবো ।
- Log in to post comments
- 18 views