আলফা নেতা জিতেন দত্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

আলফা নেতা জিতেন দত্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

বৃহস্পতিবাৰে তিনিচুকীয়াৰ ধলাত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ পাছত শুকুৰবাৰে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত শিৱসাগৰত গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিছিল আলফা নেতা জিতেন দত্তক ।

আৰক্ষীৰ শীৰ্ষ বিষয়াৰ অনুমতি পাই গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰাৰ পাছত শুকুৰবাৰে সন্ধিয়া ৭ বজাত পাণবজাৰ থানালৈ লৈ অনা হৈছিল আলফা নেতাগৰাকীক । ৰাতিটো পাণবজাৰ আৰক্ষী থানাতে আলফা নেতাগৰাকীক ৰাখি আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱা হয় ।

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে ৫ দিনৰ বাবে আলফা নেতাগৰাকীক আৰক্ষীৰ জিম্মাত বিচাৰিছিল । কিন্তু আদালতে আৰক্ষীৰ সেই আবেদনক নামঞ্জুৰ কৰি ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে প্ৰাক্তন আলফা নেতাগৰাকীক ।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে উচটনিমূলক মন্তব্য কৰাৰ অপৰাধত আলফা নেতাগৰাকীৰ বিৰূদ্ধে ৰুজু কৰা হৈছিল গোচৰ ৷ সেই গোচৰৰ ভিত্তিতেই আলফা নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ।

ইফালে আলফা নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা খবৰ বিয়পি পৰা লগে লগেই জিতেন দত্ত জিন্দাবাদ, আলফা জিন্দাবাদ আদি ধ্বনিৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ দেখিবলৈ পোৱা গৈছে ।

পাণবজাৰ আৰক্ষী থানাতো আজি পুৱাৰ ভাগত একেই পৰিবেশ দেখিবলৈ পোৱা গৈছিল আলফা নেতাগৰাকীৰ সমৰ্থকসকলৰ পৰা ৷ ইফালে আদালতত হাজিৰ কৰাৰ সময়তো বাহিৰত আলফা নেতাগৰাকীৰ সমৰ্থকসকলে জয় ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলা দেখা যায় ।
 

Your Comments