আইনে যদি জগৰীয়া কৰে শিলাদিত্যকো জে'লত ভৰাবলৈ চৰকাৰে কুণ্ঠাবোধ নকৰে

আইনে যদি জগৰীয়া কৰে তেনেহ'লে শিলাদিত্যকো জে'লত ভৰাবলৈ চৰকাৰে কুণ্ঠাবোধ নকৰে

কংগ্ৰেছ দলে অসমত ভাতৃঘাতী সংঘৰ্ষৰ বাবেই উচটনিমূলক মন্তব্য দিছে । ১৫ বছৰত তৰুণ গগৈয়ে ৰাজ্যৰ কামিহাড় স্বৰূপ এ পি এছ চিৰ দুৰ্নীতিৰ পাহাৰ গঢ়িছিল ।

এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ ৷ আজি এক সংবাদমেলযোগে মুখপাত্ৰগৰাকীয়ে এই মন্তব্য কৰে । সংবাদমেলখনত গোস্বামীয়ে কয়, ''কংগ্ৰেছ দলৰ মুখ কে'বাখনো । তেওঁলোকে দিল্লীত এটা কথা কয়, ব্ৰহ্মপুত্ৰ উপত্যকাত এটা কথা কয় আৰু বৰাকত এটা কথা কয় । 

তৰুণ গগৈয়ে টুলুঙা মন্তব্য কৰি অসমীয়া জাতিটোক তললৈ নিব খুজিছে আৰু তেওঁলোকে বিভাজনমুখী ৰাজনীতিৰে বিজেপি চৰকাৰখনক অস্থিৰ কৰি পেলাইছে ৷'' 

আনহাতে, বঙালী সম্প্ৰদায়ক কংগ্ৰেছ দলে উচটনি দি আহিছে আৰু সাম্প্ৰতিক সময়ত অসমত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে কংগ্ৰেছ দলেই জগৰীয়া বুলি সংবাদমেলত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰূপম গোস্বামীয়ে । 

হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ কথা উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে আইনে যদি শিলাদিত্যক দোষী সাব্যস্ত কৰে তেনেহ'লে চৰকাৰে শিলাদিত্যকো জে'লত ভৰাবলৈ কুণ্ঠাবোধ নকৰে ।

Your Comments