অসমে প্ৰাকৃতিকভাৱে মৎস্য উৎপাদনৰ দিশত বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে : মুখ্য মন্ত্ৰী

অসমে প্ৰাকৃতিকভাৱে মৎস্য উৎপাদনৰ দিশত বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে : মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ গ্ৰামীণ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ঋণ সাহায্য আৰু মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ আৰ্থিক সাহায্যত ৰাজ্য চৰকাৰৰ মীন বিভাগে ৰূপায়ণৰ বাবে লোৱা ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ শীৰ্ষক ধ্বজাবাহী আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

অসমে প্ৰাকৃতিকভাৱে মৎস্য উৎপাদনৰ দিশত বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে : মুখ্য মন্ত্ৰী

এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে মুখ্য মন্ত্ৰীয়ে আঁচনিখন শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে ৰাজ্যখনৰ মৎস্য উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰূপায়ণৰ বাবে লোৱা এই আঁচনিখন ১৮৬.১৩ কোটি টকা ব্যয়সাপেক্ষে ৰাজ্যখনৰ প্ৰতিখন জিলাতে ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে ৷

১০ হাজাৰ হিতাধিকাৰী উপকৃত হ’বলগীয়া এই আঁচনিখনৰ জৰিয়তে প্ৰায় ১,৮১১ হেক্টৰ নতুন পুখুৰী খননেৰে ৰাজ্যখনত ৬,৩৫০ মেট্ৰিকটন মাছ অতিৰিক্তভাৱে উৎপাদনৰ লক্ষ্য লোৱা হৈছে ৷

অসমে প্ৰাকৃতিকভাৱে মৎস্য উৎপাদনৰ দিশত বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে : মুখ্য মন্ত্ৰী

আঁচনিখন শুভাৰম্ভ কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক-ব্ৰহ্মপুত্ৰৰ দৰে বৃহৎ নদী আৰু ইয়াৰ উপনৈসমূহ, ২,৪০০খন সৰু-বৰ বিল তথা জলাশয়েৰে সমৃদ্ধ ৰাজ্যখনে মৎস্য উৎপাদনৰ দিশত প্ৰাকৃতিকভাৱে বৃহৎ সম্ভাৱনীয়তা বহন কৰাৰ কথা উল্লেখ কৰি এই আঁচনিৰ জৰিয়তে উপকৃত হ’বলগীয়া হিতাধিকাৰীসকলক বিজ্ঞানসন্মত প্ৰযুক্তি প্ৰয়োগেৰে মৎস্য উৎপাদনত ব্ৰতী হোৱাৰ বাবে আহ্বান জনায় ৷

অসমে প্ৰাকৃতিকভাৱে মৎস্য উৎপাদনৰ দিশত বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে : মুখ্য মন্ত্ৰী

ৰাজ্যখনৰ খেতিয়কসকলৰ মৰ্যাদা আৰ্থিক উত্তৰণেৰে সম্ভৱ বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দৃঢ় পদক্ষেপ লৈছে বুলিও কয় ৷ ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ শীৰ্ষক এই ধ্বজাবাহী আঁচনিখন গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ বুলিও মুখ্য মন্ত্ৰীয়ে কয় ৷

অসমে প্ৰাকৃতিকভাৱে মৎস্য উৎপাদনৰ দিশত বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে : মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰীয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সুৰক্ষা আৰু মৰ্যাদা নিশ্চিতকৰণৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়বদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰি আছে বুলি উল্লেখ কৰি কিছুসংখ্যক অপশক্তিয়ে সমাজৰ শান্তি-শৃংখলা বিঘ্নিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টাত অতীৰ্ণ হৈ আছে বুলি কয় ৷

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নী পদক্ষেপ অধিক সুদৃঢ় কৰাৰ বাবে এই অপশক্তিসমূহৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি থিয় হোৱাৰ বাবেও তেওঁ আহ্বান জনায় ৷

অসমে প্ৰাকৃতিকভাৱে মৎস্য উৎপাদনৰ দিশত বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে : মুখ্য মন্ত্ৰী

অনুষ্ঠানত বক্তব্য ৰাখি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে এই আঁচনিখনৰ দ্বাৰা লাভান্বিত হ’বলগীয়া হিতাধিকাৰীসকলক আঁচনিৰ ধন উপযুক্তভাৱে প্ৰয়োগেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনক মৎস্য উৎপাদনৰ দিশত ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায় ৷

অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যখনৰ গ্ৰামীণ অৰ্থনীতি শক্তিশালীকৰণৰ দিশত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰি নীল বিপ্লৱৰ সূচনাকাৰী এই আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলক মৎস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত দায়বদ্ধতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷মৎস্য উৎপাদন বৃদ্ধিৰ বাবে অসম মীন উন্নয়ন নিগমৰ তৰফৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলিও অধ্যক্ষগৰাকীয়ে কয় ৷

অসমে প্ৰাকৃতিকভাৱে মৎস্য উৎপাদনৰ দিশত বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে : মুখ্য মন্ত্ৰী

মীন বিভাগৰ সচিব ৰাকেশ কুমাৰে আদৰণী ভাষণ প্ৰদান কৰা তথা মীন বিভাগৰ সঞ্চালক পদ্মনাথ দাসে শলাগৰ শৰাই আগবঢ়োৱা আজিৰ এই শুভাৰম্ভণী অনুষ্ঠানত মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰ টি জিণ্ডাল, মুখ্য বন সংৰক্ষক এছ কে শ্ৰীবাস্তৱ, অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱজিৎ বৈশ্য, ৰহা মীন মহাবিদ্যালয়ৰ ডীন তথা বিশিষ্ট মীন বিজ্ঞানী ডঃ কৃষ্ণকান্ত তামুলী, নাবাৰ্ডৰ মহাপ্ৰবন্ধক অ’ পি ধৌনদয়ালকে ধৰি মীন বিভাগৰ বহুসংখ্যক জ্যেষ্ঠ বিষয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হিতাধিকাৰীসকল উপস্থিত থাকে ৷

অসমে প্ৰাকৃতিকভাৱে মৎস্য উৎপাদনৰ দিশত বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে : মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰীয়ে এই অনুষ্ঠানতে থলুৱা মাছৰ উৎপাদন আৰু সংৰক্ষণৰ ওপৰত মীন বিভাগৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা ‘কুঁহিপাত’ শীৰ্ষক এখন পুস্তিকাও আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷

আজিৰ এই অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে এই আঁচনিৰ অধীনত উপকৃত হোৱা ১০গৰাকী হিতাধিকাৰীৰ অনুমোদন-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে ৷

Your Comments