নিৰীহ লোকৰ হত্যাকাণ্ডত জড়িত কোনো ব্যক্তি সাৰি যাব নোৱাৰে : মুখ্য মন্ত্ৰী

নিৰীহ লোকৰ হত্যাকাণ্ডত জড়িত কোনো ব্যক্তি সাৰি যাব নোৱাৰে : মুখ্য মন্ত্ৰী

তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত হত্যাকাণ্ড এক কাপুৰুষালিৰ পৰিচায়ক ৷ আজি এক বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয় ৷ উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্য মন্ত্ৰীয়ে লগতে কয়, ''এনে ঘটনাক আমি নিন্দা কৰাৰ লগতে গৰিহণা দিছোঁ ৷

কোনো সভ্য সমাজে এনেধৰণৰ কাৰ্যক সমৰ্থন নকৰে আৰু কৰা উচিত নহয় ৷'' অসম চৰকাৰৰ তৰফৰ পৰা এই নিৰীহ লোকৰ হত্যাকাণ্ডত যিসকল অপৰাধী, দুষ্কৃতিকাৰী জড়িত আছে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে নিৰাপত্তা বাহিনী আৰু অসম আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলিও বিবৃতিটোত মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে ৷

এই হত্যাকাণ্ডত জড়িত থকা কোনো ব্যক্তি সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে অসমত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ ৰাইজে যোৱা আঢ়ৈ বছৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকালত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই অসমত শান্তি প্ৰতিষ্ঠা কৰিছে বুলি কয় ৷
অসম দৃঢ়তাৰে প্ৰগতিৰ পথত আগবাঢ়ি যোৱাটো সকলোৱে বিচাৰিছে বুলি উল্লেখ কৰি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ একতাৰ এই বান্ধোন বিনষ্ট কৰাৰ বাবে একাংশ দুষ্কৃতিকাৰীয়ে নানা ধৰণৰ অপচেষ্টাত লিপ্ত হৈছে বুলি মুখ্য মন্ত্ৰীয়ে কয় ৷

সেইসকলক সকীয়াই দি মুখ্য মন্ত্ৰীয়ে কয় যে কোনো ব্যক্তি বা অনুষ্ঠান-প্ৰতিষ্ঠানেই নহওক কিয়, ৰাজ্যখনৰ সাতামপুৰুষীয়া মিলা-প্ৰীতি ব্যাঘাত কৰিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

অসমক শান্তি লাগে আৰু অসমৰ ৰাইজে শান্তি বিচাৰে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে সকলো শ্ৰেণীৰ জনসাধাৰণ তথা সকলো পক্ষকে অসমৰ বুকুত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে আহ্বান জনায় ৷

আজি এই পৰিস্থিতৰ বাবে একাংশ দল-সংগঠন, একাংশ সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ আৰু একাংশ জনপ্ৰতিনিধিৰ উচটনিমূলক বক্তব্য বিশেষভাৱে জগৰীয়া বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে সেই কথাবোৰে গোটেই বাতাৱৰণটোক বিনষ্ট কৰিছে বুলিও কয় ৷ মুখ্য মন্ত্ৰীয়ে অশুভ শক্তিসমূহক সোঁৱৰাই দি কয় যে চৰকাৰ এই ক্ষেত্ৰত নিৰৱে নাথাকে ৷

ৰাজ্য চৰকাৰে দৃঢ়তাৰে অসমৰ জনসাধাৰণৰ বৃহত্তৰ স্বার্থত সেই শক্তিসমূহৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ৷ মুখ্য মন্ত্ৰীয়ে লগত কয় যে প্ৰৰোচনামূলক তথা উচটনিমূলক বক্তব্য, ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা বিবৃতি আৰু বাৰ্তা প্ৰদান কৰা জনপ্ৰতিনিধি, দল-সংগঠন, ব্যক্তি, সংবাদ মাধ্যমৰ বিৰুদ্ধেও সমাজৰ বৃহত্তৰ স্বার্থত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব ৷ 
 

Your Comments