''৭ দিনৰ ভিতৰত চৰকাৰে আটক কৰক আততায়ীক । নহ'লে গঢ়ি তোলা হ'ব ব্যাপক ধাৰাবাহিক আন্দোলন ।'' এই দাবী
বেংগলী ইউনাইটেড ফ'ৰাম অব্ আছামৰ কাৰ্যকৰী সভাপতি শান্তনু মুখাৰ্জীৰ ৷
বৃহস্পতিবাৰে ধলাৰ চৈখোৱাত গুলীচালনাত নিহত হোৱা বঙালী সম্প্ৰদায়ৰ লোকসকলৰ হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত মহানগৰীৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলৰ জৰিয়তে শান্তনু মুখাৰ্জীয়ে চৰকাৰলৈ এই সকীয়নি প্ৰদান কৰে ৷
লগতে তিনিচুকীয়া জিলাৰ ধলাত দুষ্কৃতিকাৰীৰ গুলীত প্ৰাণ হেৰুওৱা ৫জন লোকৰ প্ৰত্যেক পৰিয়ালকে ২০ লাখ টকাকৈ সাহায্য প্ৰদানৰ লগতে একোজনকৈ লোকক চৰকাৰী চাকৰি প্ৰদানৰো দাবী জনায় ।
উক্ত দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত তেওঁ কয় যে উত্তেজনা তথা পৰোচনামূলক মন্তব্যৰ বাবেই এই ঘটনা সংঘটিত হৈছে । শিলাদিত্যই হওক বা আমিনুল ইছলামেই হওক, ৰাজনৈতিক খেল খেলা কোনো ৰাজনৈতিক নেতাৰ মন্তব্যৰ প্ৰতি সমৰ্থন নাই বেংগলী ইউনাইটেড ফ'ৰামৰ বুলিও তেওঁ উল্লেখ কৰে ৷
সংবাদমেলত অতি উত্তেজিতভাৱে শান্তনু মুখাৰ্জীয়ে কয়, "৭০ লাখ বেংগলী লোকক চৰকাৰে গুলীয়াই মাৰক, কেৱল ৫জনকে নহয় ।"
আনহাতে, ৩ নৱেম্বৰত বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰতি ফ'ৰামৰ পূৰ্ণ সমৰ্থন আছে বুলিও তেওঁ জনায় ।
ফ'ৰামৰ কাৰ্যকৰী সদস্য অৰুণ ৰায়ে এই হত্যাকাণ্ডৰ সৈতে চৰকাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ।
তেওঁ জনায় যে ৰাজনৈতিক উচ্ছৃংখলতা হ'লেই চৰকাৰে বঙালী লোকৰ ওপৰত হত্যালীলা চলায় । ১৯৭২ চন আৰু ১৯৮৩ চনেই ইয়াৰ সাক্ষী । তেতিয়া প্ৰায় ৪০০০ বাঙালী লোকক হত্যা কৰিছিল কংগ্ৰেছ চৰকাৰে ।
কংগ্ৰেছ-বিজেপি কোনো দলেই অসমৰ বঙালী লোকসকলক নিৰাপত্তা দিব পৰা নাই । সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ঘটনাস্থলীৰ পৰা নাতিদূৰৈত অৱস্থিত আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ সেই সময়ত মোবাইল ফোন বন্ধ আছিল আৰু তালাচী চকীত তালাচীৰ ব্যৱস্থা নাছিল ।
সেয়েহে ইয়াৰ পৰা ঘটনাটোত চৰকাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে অৰুণ ৰায়ে ৷ লগতে আততায়ীক কৰায়ত্ত কৰিব নোৱাৰিলে চৰকাৰৰ ষড়যন্ত্ৰ থকাৰ কথা ধৰি ল'ব বুলিও কাৰ্যকৰী সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ।
ইফালে সংবাদমেলত কালি সংঘটিত ঘটনা 'নিয়া'ৰ দ্বাৰা তদন্তৰ দাবী জনায় বেংগলী ইউনাইটেড ফ'ৰাম অব্ আছামে ।
- Log in to post comments
- 81 views