ব্যক্তি-সংগঠনৰ প্ৰৰোচনামূলক বক্তব্য সংবাদ মাধ্যমে প্ৰচাৰ কৰাৰে ফল ধলাৰ ঘটনা : ৰঞ্জিৎ দাস

ব্যক্তি-সংগঠনৰ প্ৰৰোচনামূলক বক্তব্য সংবাদ মাধ্যমে প্ৰচাৰ কৰাৰে ফল ধলাৰ ঘটনা : ৰঞ্জিৎ দাস

একাংশ ব্যক্তি-সংগঠনৰ প্ৰত্যক্ষ প্ৰৰোচনামূলক আৰু সংবেদনশীল বক্তব্য একাংশ সংবাদ মাধ্যমে বাৰম্বাৰ প্ৰচাৰ কৰি ৰাজ্যখনক অস্থিৰ কৰাৰ যি পৰিবেশ সৃষ্টি কৰিলে আৰু তাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰে আততায়ীয়ে তিনিচুকীয়া জিলাৰ ধলা চৈখোৱাত পাঁচজনকৈ নিৰীহ ব্যক্তিক হত্যা কৰি অসমৰ উন্নয়ন স্তব্ধ কৰিব খোজা কাৰ্যক ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশে অকল গৰিহণা দিয়াই নহয়, এয়া পাষণ্ডৰ কাম বুলি অভিহিত কৰে ৷

আজি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসে ৷ সংবাদমেলত দাসে কয়, ''দুদিনমান আগতে চৈখোৱাত স্থানীয় ৰাইজৰ লগত আমি মিলিত হৈছিলোঁ ৷

সুন্দৰকৈ সকলো জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে ৷ সেই অঞ্চলৰ মানুহে নাজানে নাগৰিকত্ব সংশোধনী আইন কি বস্তু ৷ চৈখোৱাত বসবাস কৰা বঙালী-নেপালী মূলৰ মানুহে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰি পৱিত্ৰ ভাৰতৰ মহান অসমীয়া হিচাপে চিনাকি দি আহিছে ৷''

আনহাতে, কংগ্ৰেছক সমালোচনা কৰি সভাপতি ৰঞ্জিৎ দাসে কয় যে গুৰুজনাই এক কৰে আৰু ভকতেহে ভাগ কৰে ৷ বিপেজিয়ে সকলোকে এক কৰা নীতি আৰু কংগ্ৰেছৰ ভাগ ভাগ কৰা নীতি সৰ্বজন বিদিত ৷

যুক্তিক পৰিহাৰ কৰি আবেগক অস্ত্ৰ হিচাপে লৈ যোৱা কিছুদিন ধৰি কংগ্ৰেছে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বিভাজনৰ বীজ সিঁচা কাৰ্যক প্ৰত্যক্ষ কৰা বুলিও মন্তব্য কৰে বিজেপিৰ সভাপতিগৰাকীয়ে ৷

এন আৰ চি প্ৰসংগ উল্লেখ কৰি ৰঞ্জিৎ দাসে কয়, ''এন আৰ চিৰ ৫বিধ নথি কৰ্তন কৰাৰ বাবে যি প্ৰস্তাৱ প্ৰতীক হাজেলাই আনিছিল, ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশে সংবাদমেল অনুষ্ঠিত কৰি পোনপ্ৰথমেই ৰাজনৈতিকভাৱে বিজেপিয়ে প্ৰতীক হাজেলাৰ এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল ৷

আমি এই প্ৰস্তাৱৰ বিৰোধিতা কৰোঁতে কংগ্ৰেছকে ধৰি একাংশ দল-সংগঠনে আমাক বঙালীৰ দালাল বুলি তাচ্ছিল্য কৰিছিল ৷ বৃহস্পতিবাৰে সৌভাগ্যক্ৰমে মহামান্য উচ্চতম ন্যায়ালয়ে মুখ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ আৰু আমাৰ দল তথা অন্য কিছু সংগঠনৰ আহ্বানত বাতিল হোৱা ৫বিধ নথি পুনৰ অন্তৰ্ভুক্ত কৰিলে ৷

আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰিছোঁ ৷ লগতে মহামান্য উচ্চতম ন্যায়ালয়ে অভিজ্ঞতাৰ পৰা ন্যায়ালয়েও শিকিবলগীয়া আছে বুলি যি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, সেয়াও উল্লেখযোগ্য ৷''

একেদৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত বক্তব্য ৰাখি দাসে কয়, ''আমি চৰকাৰক আহ্বান জনাইছোঁ যেতিয়ালৈকে যুটীয়া সংসদীয় সমিতিয়ে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সন্দৰ্ভত প্ৰতিবেদন ৰাজহুৱা নকৰে তেতিয়ালৈকে অসমত যাতে যুক্তিহীন আবেগ সৃষ্টি কৰি বিকাশৰ গতি স্তব্ধ কৰাৰ অভিসন্ধিৰে ৰাজ্যখনত বসবাস কৰা বিভিন্ন ভাষা-ভাষীৰ মাজত সংঘাত সৃষ্টিৰ লক্ষ্যৰে প্ৰৰোচনামূলক আৰু আবেগিক বক্তব্য আৰু কাৰ্য কৰিব নোৱাৰে তাৰবাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰক ৷

আমি আজি পুনৰ দোহাৰোঁ যে জাতি মানে অসমক ভালপোৱা আৰু অসমত বসবাস কৰা অসমীয়া, বঙালী, হিন্দী, নেপালী, বড়ো, কাৰ্বি, তিৱা, ৰাভাকে আদি কৰি প্ৰতিটো জনগোষ্ঠী, কাৰণ আমি ভাৰতীয় জাতীয়তাবাদক বিশ্বাস কৰোঁ ৷

সেয়েহে জাতি বচোৱাৰ ক্ষেত্ৰত আমি সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু আছোঁ ৷ চৰকাৰৰ কাম-কাজৰ খতিয়ানৰ প্ৰসংগ উলেলখ কৰি সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছ দিনত দখল হোৱা সত্ৰৰ মাটিৰ লগতে কাজিৰঙাকে ধৰি সংৰক্ষিত বনাঞ্চলৰ মাটি বিজেপি চৰকাৰে বেদখনমুক্ত কৰিছে ৷

লঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰি মাটি-ভেটি ৰক্ষাৰ সংকল্প হাতে-কামে ৰূপায়ণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা বুলিও উল্লেখ কৰে ৰঞ্জিৎ দাসে ৷

ধলা চৈখোৱালৈ বিজেপিৰ প্ৰতিনিধি দল প্ৰেৰণ

উল্লেখ্য যে বৃহস্পতিবাৰে আততায়ীৰ গুলীত নিহত হোৱা পাঁচজনকৈ নিৰীহ ব্যক্তিৰ বাসগৃহত উপস্থিত হৈছেগৈ ভাৰতীয় জনতা পাৰ্টীৰ এটি প্ৰতিনিধ দল ৷

ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাই, জ্যেষ্ঠ নেতা অলোক ঘোষৰ নেতৃত্বত তিনিচুকীয়া জিলা সভাপতি লক্ষেশ্বৰ মৰাণ, শদিয়া জিলা সভাপতি যুধিষ্ঠিৰ গগৈকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে নিহতসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷

ভাৰতীয় জনতা পাৰ্টীয়ে উক্ত ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনায় ৷
 

Your Comments