২০১৮ বৰ্ষৰ বাবে বাবা চাহেব বঁটা অসমৰ বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক তথা বিশিষ্ট সমাজ সচেতন ব্যক্তি হিচাপে অসমৰ জাতীয় জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা অদীপ কুমাৰ ফুকনলৈ আগবঢ়োৱা হৈছে ৷
উল্লেখ্য যে এই বঁটা অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই প্ৰতি বছৰে ৰাজ্যখনৰ সমাজ জীৱনলৈ অনবদ্য বৰঙনি আগবঢ়োৱা একোগৰাকীকৈ ব্যক্তিলৈ আগবঢ়াই আহিছে ৷
অহা ৬ ডিচেম্বৰত গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত অনুষ্ঠিত হ'বলগা ৰাজ্যিক পৰ্যায়ৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ মহাপ্ৰয়াণ দিৱসত প্ৰদান কৰা হ'ব । এই বঁটাত থাকিব নগদ ধনৰ লগতে শৰাই, মানপত্ৰ, গামোচা আদি ৷
আনহাতে, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভূপেন দাসক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব একেটা অনুষ্ঠানতে ৷ অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে একেটা বিজ্ঞপ্তিতে সন্থাটোৱে বৃহস্পতিবাৰে সংঘটিত নৰসংহাৰৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰি কঠাৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ৷
- Log in to post comments
- 164 views