ধলাত নিহতসকলৰ পৰিয়াললৈ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ

ধলাত নিহসকলৰ পৰিয়াললৈ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ

ধলাত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ৫গৰাকী নিৰীহ লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সাহায্য ঘোষণা কৰিছে ৷

নিহত প্ৰতিটো পৰিয়ালেক প্ৰদান কৰা হ'ব ৫ লাখকৈ এককালীন সাহায্য ৷

আনহাতে, নিহত পৰিয়ালকেইটাৰ একোজনকৈ সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ কথাও ঘোষণা কৰে ৰাজ্য চৰকাৰে ৷

লগতে আহত সহদেৱ নমশূদ্ৰৰ নিৰাপত্তাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে ৷

আজি ঘটনাস্থলীত উপস্থিত হোৱা মন্ত্ৰী পৰিষদৰ সদস্য কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৷
 

Your Comments