আয়ুস্মান ভাৰত আঁচনি পৃথিৱাৰ আটাইতকৈ উত্তম আঁচনি : কামৰূপৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল

আয়ুস্মান ভাৰত আঁচনি পৃথিৱাৰ আটাইতকৈ উত্তম আঁচনি : কামৰূপৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল

গুৱাহাটীত পূৰ্বতকৈ উন্নতি হৈছে স্বাস্থ্য খণ্ডৰ ৷ ৰাজ্য চৰকাৰে নতুনকৈ দুখন আঁচনি ঘোষণা কৰিছে । সেই দুখন হ'ল অটল অমৃত অভিযান আৰু আয়ুস্মান ভাৰত । দৰিদ্ৰ লোকক সহায় কৰিবৰ বাবে এই দুখন আঁচনি ঘোষণা কৰা হৈছে ।

আজি গুৱাহাটী আৱৰ্ত  ভৱনত কামৰূপ মহানগৰীৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে ।  সংবাদমেলত মহানগৰবাসীয়ে লাভ কৰা চৰকাৰী আঁচনিৰ সুবিধা আৰু চৰকাৰী কেইটামান বিভাগৰ কামৰ খতিয়ানো দাঙি ধৰে উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে । 

আয়ুস্মান ভাৰতৰ কথা উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে এই আঁচনি হৈছে পৃথিৱীৰ আটাইতকৈ উত্তম আঁচনি । আঁচনিৰখনৰ দ্বাৰা প্ৰতিটো পৰিয়ালৰ বাবে ৫ লাখকৈ টকা দিয়া হ'ব । মহানগৰীত শীঘ্ৰেই ৫৭ হাজাৰ আয়ুস্মান কাৰ্ড বিতৰণ কৰা হ'ব বুলিও উপায়ুক্তগৰাকীয়ে ব্যক্ত কৰে । 

আয়ুস্মান ভাৰত আঁচনি পৃথিৱাৰ আটাইতকৈ উত্তম আঁচনি : কামৰূপৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল

আনহাতে, চন্দ্ৰপুৰ আৰু ডিমৰীয়া অঞ্চলৰ ১২০০ পৰিয়ালে নিৰ নিৰ্মল পৰিযোজনাৰ অধীনত বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলিও তেওঁ জনায় । আনহাতে, মহানগৰীত আগৰ বছৰতকৈ এই বছৰত ডেংগু আৰু মেলেৰিয়াত মৃত্যুৰ সংখ্যা যথেষ্ট কম বুলিও উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে জনায় । 

সংবাদমেলত ছহিদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকক প্ৰতি মাহে ২৫০ টকাকৈ পেঞ্চন প্ৰদান কৰাৰ কাম আৰম্ভ হৈছে বুলিও কয় । 

আনহাতে, ২০৪গৰাকী পীড়িত মহিলাক তেওঁলোকে সংস্থাপন দিয়াৰ লগতে মহিলাৰ বাবে অসম আটাইতকৈ ভাল ৰাজ্য বুলিও সংবাদমেলযোগে উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে মন্তব্য কৰে ।

Your Comments