আন্দোলনত নামিব আছুসহ ২৮টা জাতীয় সংগঠন । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে এই আন্দোলন ।
৮ নৱেম্বৰত জনতা ভৱনৰ সন্মুখত সকীয়নি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব আছুকে ধৰি ২৮টা জাতীয় সংগঠনে । বুধবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ।
নাগৰিকত্ব সংশোধনী আইনখন অসমৰ মানুহৰ ওপৰত জাপি দি অসমৰ জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতিক যাতে বিলোপ নকৰে তাৰ কাৰণে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক সংবাদমেলৰ দ্বাৰাই সকীয়াই দিয়ে দীপাংক কুমাৰ নাথে ।
সংবাদমেলখনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ''আমাৰ সকলোৰে উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা আৰু বিশ্বাস আছে । আমাক এখন অবৈধ বাংলাদেশীৰ নামমুক্ত শুদ্ধ এন আৰ চি লাগে । আৰু এই অবৈধ বাংলাদেশীমুক্ত শুদ্ধ এন আৰ চিখনেই অসমৰ খিলঞ্জীয়া লোকৰ অন্যতম ৰক্ষা কৱচ হ'ব ।''
তেওঁ লগতে কয়, ''ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলিছে আৰু ইয়াৰ এজেণ্ট হিচাপে কাম কৰিছে চৰকাৰৰ একাংশ সদস্যই ।''
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংশোধনী বিধেয়কৰ সপক্ষে নে বিপক্ষে আছে এই কথা স্পষ্ট কৰিব লাগে বুলি উল্লেখ কৰি আছুৰ উপদেষ্টাগৰাকীয়ে মেঘালয় চৰকাৰে যদি এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত ল'ব পাৰে অসম চৰকাৰে ল'ব নোৱাৰে কিয় বুলি মুখ্য মন্ত্ৰীক প্ৰশ্ন কৰে ৷
আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমীয়া জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি উল্লেখ কৰে ৷
তেওঁ এই ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়াই দি কয় যে অবৈধ বিদেশীৰ বোজা অসমত জাপি দি অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ অসমীয়া জাতি সত্তাক এটা পংগু জাতি সত্তালৈ পৰিণত কৰাৰ যি ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে তাক বন্ধ কৰিবই লাগিব ।
আনহাতে, এই বিষয়ত অসম চৰকাৰৰ যি স্থিতি তাৰ কাৰণে চৰকাৰখনক মেৰুদণ্ডহীন চৰকাৰ বুলি উল্লেখ কৰে ।
- Log in to post comments
- 21 views