এটা দশক সম্পূৰ্ণ হ'ল । ৰাজ্যৰ ইতিহাসৰ অন্যতম এটা ক'লা দিন ৩০ অক্টোবৰ । ২০০৮ চনৰ আজিৰ দিনটোতেই নিৰীহৰ তেজেৰে ফাকু খেলিছিল ৰঞ্জন দৈমাৰী নেতৃত্বাধীন এন ডি এফ বিয়ে । ধাৰাবাহিক বিস্ফোৰণে কঁপাই তুলিছিল গুৱাহাটীৰ লগতে কেবাটাও স্থান। ৮০জনতকৈও অধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু জন জীৱনৰ কাৰণে হৈ পৰিছিল ঘুনীয়া । ৰাজ্যবাসীয়ে আজি সুঁৱৰিছে ৰক্তাক্ত দিনৰ দুঃসহ ছবি ।
গুৱাহাটী, বৰপেটা, বঙাইগাঁও আৰু কোকৰাঝাৰত ধাৰাবাহিক বোমা বিস্ফোৰণত বহু লোকৰ প্ৰাণ যোৱাৰ লগতে এতিয়াও বহু লোকে পংগু হৈ দুৰ্বিষহ জীৱন কটাব লগা হৈছে ।
কিন্তু আজিও ন্যায় নাপালে বোমা বিস্ফোৰণত ভুক্তভোগী পৰিয়াল বৰ্গই । চৰকাৰ আৰু তদন্তকাৰী সংস্থাৰ চৰম হেমাহীৰ বাবেই ন্যায় নাপালে মৃতকৰ আত্মাই ।
সেই ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত আজিও মুকলি আকাশৰ তলত । অতি দুৰ্ভাগ্যৰ কথা যে আজিৰ দিনটো আহিলে হে চৰকাৰে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই, আজিৰ দিনটো আহিলেহে ৰজাঘৰীয়া মনত পৰে সেই প্ৰতিশ্ৰুতি লৈ । কিন্তু ৩০ অক্টোবৰ দিনটো পাৰ হোৱাৰ লগে লগে ৰজাঘৰীয়াই পাহৰি যায় সকলো প্ৰতিশ্রুতি ।
সেই ৰক্তাক্ত দিনটো মনত কৰিয়েই থাকিব লগা হৈছে তাৰ বাহিৰে এই ১০ বছৰে উপযুক্ত প্ৰাপ্যৰ নাপালে ভুক্তভোগী পৰিয়ালসমূহে ।
মহানগৰী গুৱাহাটীৰ উৰণীয়া সেতুৰ তলত, কছাৰী, পানবজাৰত সেই ৰক্তাক্ত দিনটোক সুঁৱৰি সমূহীয়া শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে ।
নিহত পৰিয়ালৰ লোকসকলৰ অভিযোগ চৰকাৰে আজি পৰ্য্যন্ত শাস্তি দিব পৰা নাই মূল হত্যাকাৰীক । তেওঁলোকৰ দাবী চাকৰিৰ সলনি মূল অভিযুক্তক উচিত শাস্তি দিয়ক, তেতিয়া শান্তি পাব নিহতৰ আত্মাই ।
আনহাতে গণেশগুৰি উৰণীয়া সেতুৰ তলত শ্ৰদ্ধাঞ্জলি দিবলৈ আহি নিজৰ আত্মীয়ক সুঁৱৰি কান্দোনত ভাগি পৰে নিহত পৰিয়ালৰ লোকেসকলে ।
নিহতসকলক শ্ৰদ্ধাঞ্জলি দিবৰ বাবে কৃষিমন্ত্ৰী অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিধায়ক অতুল বৰা উপস্থিত হৈছিল ।
- Log in to post comments
- 19 views