কংগ্ৰেছ দলটো হ'ল এটা গণতান্ত্ৰিক দল ৷ গতিকে ইয়াত সকলো কংগ্ৰেছ কৰ্মীয়ে নিজৰ মনৰ ভাব প্ৰকাশ কৰিব পাৰে ৷ তাত কোনো বাধা নাই ৷ কিন্তু দলৰ যিটো সিদ্ধান্ত সেয়া সকলোৱে মানিবলৈ বাধ্য ৷
এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ ৷ দেওবাৰে বঙাইগাঁৱত সভাপতিগৰাকীয়ে এই মন্তব্য কৰে ৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শেহতীয়াভাৱে কংগ্ৰেছ দলৰ বৰাকৰ সাংসদ সুস্মিতা দেৱ আৰু বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই দলৰ স্থিতিৰ বিপৰীত মন্তব্য কৰা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সভাপতি বৰাই এই মন্তব্য কৰে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে তেওঁলোকৰ মন্তব্য বেলেগ নহয় ৷ সুস্মিতা দেৱে স্পষ্টভাৱে কৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়কে কোনো বঙালী হিন্দু ৰাইজৰ উপকাৰ সাধন নকৰে ৷
এইটো বঙালী হিন্দু ৰাইজক টুপী পিন্ধোৱাৰ আৰু বুৰ্বক বনোৱাৰ এটা ব্যৱস্থাহে বিজেপিয়ে কৰিছে বুলি সুস্মিতা দেৱে কোৱাৰ লগতে এই বিধেয়কখন আইন বিৰুদ্ধ আৰু সংবিধান বিৰুদ্ধ বুলি কৈছে বুলিও তেওঁ কয় ৷
অৱশ্যে বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই ক'ৰবাত ক'ৰবাত বিপৰীত মন্তব্য কৰাৰ কথা স্বীকাৰ কৰি সভাপতি বৰাই কয় যে কংগ্ৰেছ দলটো যিহেতু গণতান্ত্ৰিক দল সেয়ে ইয়াত সকলো দলীয় কৰ্মীয়ে নিজৰ মনৰ ভাব প্ৰকাশ কৰিব পাৰে ৷
তাত কোনো বাধা নাই ৷ গতিকে কমলাক্ষ দেৱ পুৰকায়স্থই যি মন্তব্য কৰিছে সেইটো তেওঁৰ নিজৰ মনৰ ভাব ৷ ক'ব পাৰে ৷ কিন্তু দলৰ যিটো সিদ্ধান্ত তেওঁ মানিবলৈ বাধ্য আৰু সকলোৱে মানিবলৈ বাধ্য বুলিও কয় ৷
ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত এটা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলিছে যদিও সফল নহয় বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
তেওঁ কংগ্ৰেছ দলে ইয়াৰ বাবে সকলো ৰাইজকে সজাগ কৰা বুলি কৈ ইয়াক কেতিয়াও সফল হ'বলৈ নিদিয়ে বুলিও কয় ৷ বিশেষকৈ বিজেপি আৰু আৰ এছ এছে এই চেষ্টা কৰিছে যদিও সফল হ'ব নোৱাৰে বুলি কয় ৷
উল্লেখ্য যে বঙাইগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিবলৈ অহা কংগ্ৰেছ সভাপতিগৰাকীয়ে বঙাইগাঁৱৰ বাঘেশ্বৰী মন্দিৰত পূজা-অৰ্চনাও আগবঢ়ায় ৷
তেওঁ বাঘেশ্বৰী মন্দিৰলৈ আহি ভাল লগা বুলি কোৱাৰ লগতে মা বাঘেশ্বৰীৰ চৰণত অসমবাসীৰ মংগলৰ লগতে কংগ্ৰেছ দলৰ মংগল কামনা কৰি আশিস লোৱা বুলিও কয় ৷
মন্দিৰত পূজা আগবঢ়োৱাৰ পিচতে সভাপতিগৰাকীয়ে বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত প্ৰতিনিধিনি সভাত অংশ লয় ৷ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ উপৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য তথা প্ৰাক্তন মন্ত্ৰী চনন্দন সৰকাৰ, প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী আব্দুল হামিদ, সাধাৰণ সম্পাদক মহিবুল হক চৌধুৰী,
বিশ্বজিৎ ৰায়, বিধায়ক আব্দুল হাই নাগৰি, বিধায়ক আব্দুল খালেক, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাছ ইয়াচমিন হক, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰী, অমৃত বাদশ্বাহ, গিৰিশ বৰুৱা, খলিলুৰ ৰহমান, সম্পাদিকা গুল আখতাৰা বেগম, অনুৰূপা হান্নান, অসম প্ৰদেশ কংগ্ৰেছৰ ইয়ং ব্ৰিগেডৰ সভাপতি দ্বীপ বায়নৰ উপৰি কমল কুমাৰ মেধি, প্ৰফুল্ল দাস প্ৰমুখ্যে ভালেসংখ্যক নেতাই অংশ লয় ৷
সভাত কংগ্ৰেছ দলে সমাগত পঞ্চায়ত নিৰ্বাচনত কেনেদৰে আগুৱাব আৰু প্ৰাৰ্থী কেনেদৰে নিৰ্বাচন কৰিব, জনসম্পৰ্ক অভিযান, শক্তি কাৰ্যসূচী, সাংগঠনিক দিশ আদিৰ বিষয়ে আলোচনা কৰা হয় ৷
এই সভাতে অগপৰ ঝাউবাৰী পঞ্চায়তৰ প্ৰাক্তন সভাপতি কুসুম্বৰ ৰায়, বঙাইগাঁও পৌৰসভাৰ ৯ নম্বৰ ৱাৰ্ডৰ অগপ দলৰ ৱাৰ্ড মেম্বাৰ চঞ্চলা ঘোষ, তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি ডালিম নাথ, পূৰ্বে বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী কিৰণময়ী দেৱীয়ে নিজ নিজ সমৰ্থকক লৈ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷
- Log in to post comments
- 26 views