১ নৱেম্বৰৰ পৰা পুলিন দাস জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি

১ নৱেম্বৰৰ পৰা পুলিন দাস জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি

বিশিষ্ট সমাজ সংগঠক, প্ৰথম অসমীয়া ক্ৰীড়া সাংবাদিক তথা অসমৰ ক্ৰীড়া জগতৰ অন্যতম মহীৰূহ পুলিন দাসৰ জন্ম শতবর্ষ অহা ১ নৱেম্বৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে গুৱাহাটী মহানগৰীত আয়োজন কৰিবলৈ লোৱা হৈছে ।

এই সম্পৰ্কত আজি এক সংবাদমেল সম্বোধন কৰে পুলিন দাস জন্ম শতবর্ষ উদ্‌যাপন সমিতিয়ে । সংবাদমেলত উপস্থিত থাকে প্ৰাক্তন ক্ৰীড়া সাংবাদিক প্রেমধৰ শৰ্মা, ক্ৰীড়াবিদ তথা সাংবাদিক প্ৰণয় বৰদলৈ প্ৰমুখ্যে উদ্‌যাপন সমিতিখনৰ ভালেকেইজন বিষয়ববীয়া ।

সংবাদমেল সম্বোধন কৰি তেওঁলোকে কয় যে নৱপ্ৰজন্মৰ আগত পুলিন দাসক চিনাকি কৰাই দিয়া আৰু অসম চৰকাৰক পুলিন দাসৰ কথা মনত পেলাই দিয়াৰ উদ্দেশ্যৰে জন্ম শতবর্ষ বছৰজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে ৷

সংবাদমেলৰ জৰিয়তে তেওঁলোকে জানিবলৈ দিয়ে যে অহা ১ নৱেম্বৰত পুলিন দাসৰ জন্ম শতবর্ষ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব । অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সভাকক্ষত অনুষ্ঠিত হ'ব এই আৰম্ভণী অনুষ্ঠান ৷

উক্ত অনুষ্ঠানত পুলিন দাসৰ জীৱন পৰিক্ৰমাৰ ওপৰত এক আলোচনা-চক্ৰ অনুষ্ঠিত হ'ব । এই আলোচনা-চক্ৰত ভাগ ল'ব ক্ৰীড়াবিদ প্ৰেমধৰ শৰ্মা, অধ্যাপক উদয়াদিত্য ভৰালী আৰু অসম সাহিত্য সভাৰ সম্পাদক পদুম ৰাজখোৱাই ।

ইয়াৰ উপৰি আৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতীয় ফুটবলৰ উপ-সভাপতি তথা শ্বিলং লাজং ফুটবল ক্লাবৰ অধ্যক্ষ লাৰছিং মিংছ'য়ানে ''নৰ্থ-ইষ্ট এ হাব অব্‌ স্প'ৰ্টছ টেলেণ্ট''শীর্ষক এক বক্তৃতা প্ৰদান কৰিব ।

বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত অসম সাহিত্য সভাই অহা বর্ষৰ ফেব্ৰুৱাৰী মাহত পুলিন দাসৰ স্মৃতিত এক বঁটা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ৷

ইয়াৰ উপৰি আগন্তুক বৰ্ষৰ ১৬ জুলাইত অসম ক্ৰীড়া সাংবাদিক সন্থাই মহীৰূহগৰাকীৰ স্মৃতিত এক আলোচনা-চক্ৰ অনুষ্ঠিত কৰাৰ কথাও আজিৰ সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে ৷

আনহাতে, বছৰজোৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠান ২০১৯ৰ ৩১ অক্টোবৰত সামৰণি পৰিব বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে । সামৰণী অনুষ্ঠানত ক্ৰীড়া মহীৰূহগৰাকীৰ স্মৃতিত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব বুলিও লগতে প্ৰকাশ কৰে ।

Your Comments