আৰক্ষীৰ চমন : আলফা নেতা মৃণাল হাজৰিকা পাণবজাৰ থানাত হাজিৰ 

আৰক্ষীৰ চমন : আলফা নেতা মৃণাল হাজৰিকা পাণবজাৰ থানাত হাজিৰ 

আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাক আৰক্ষীৰ চমনৰ পাছত দেওবাৰে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হয় । দিনৰ প্ৰায় ১ বজাৰ পৰা কেইবা ঘণ্টা ধৰি মৃণাল হাজৰিকাক আৰক্ষীয়ে জেৰা কৰে ।

২৪ অক্টোবৰত গুৱাহাটীত এখন ৰাজহুৱা সভাত '৮৩ৰ পুনৰাবৃত্তি কৰাৰ হুংকাৰ দিয়াৰ লগতে খিলঞ্জীয়া মঞ্চৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰো হুংকাৰ দিছিল মৃণাল হাজৰিকাই । 

আৰক্ষীৰ চমন : আলফা নেতা মৃণাল হাজৰিকা পাণবজাৰ থানাত হাজিৰ 

যাৰ ফলস্বৰূপে হাজৰিকাৰ মন্তব্যৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে । তাৰ ভিত্তিতেই আজি পাণবজাৰ আৰক্ষী থানাত জেৰা কৰা হয় আলফা নেতাগৰাকীক ।

উল্লেখ্য যে ২৭ অক্টোবৰত আৰক্ষীয়ে হাজৰিকাক থানাত উপস্থিত হ'বলৈ জাৰি কৰিছিল চমন । কিন্তু ব্যক্তিগত অসুবিধাৰ বাবে আজি হাজিৰ হয় থানাত ৷ আৰক্ষীৰ জেৰাত আলফা নেতাগৰাকীয়ে নিজৰ স্থিতিত অটল থকাৰ কথা ঘোষণা কৰে ।

আৰক্ষীৰ চমন : আলফা নেতা মৃণাল হাজৰিকা পাণবজাৰ থানাত হাজিৰ 

লগতে তেওঁ কোনো জাতি-জনগোষ্ঠীক ভাবুকি দিবলৈ নহয়, কেৱল উপায়বিলাকৰ কথাহে সভাখনত আলোচনা কৰা বুলিও উল্লেখ কৰে । আনহাতে, যিসকল মানুহে এই বিধেয়কখনৰ সমৰ্থন কৰিছে আৰু অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বক গুৰুত্ব নিদিয়াকৈ তেওঁলোকে যদি বিদেশীবোৰক জাপি দিব বিচাৰিছে, তেতিয়াহ'লে সেই মানুহখিনি জাতীয় শত্ৰু বুলিও মৃণাল হাজৰিকাই জনায় । 

''জাতিটোৰ কাৰণে গোটেই জীৱন পাৰ কৰিছোঁ, জাতিটোৰ স্বাৰ্থত আমি চিঞৰি আহিছোঁ, জাতিটোৰ কাৰণে যুজঁ দি আছোঁ আৰু নমৰালৈকে সদায় যুজঁ দি যাম'' বুলিও মৃণাল হাজৰিকাই আৰক্ষীৰ আগত ব্যক্ত কৰে ৷

আৰক্ষীৰ জেৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত এই কথা ব্যক্ত কৰি আলফাৰ নেতাগৰাকীয়ে চৰকাৰখনে তেওঁৰ ওপৰত ষড়যন্ত্ৰ কৰা  বুলিও উল্লেখ কৰে ।

Your Comments