সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীৰ ১নং কঠীয়াখুন্দাৰ পৰা মাতৃসহ ২ কন্যা নিৰুদ্দেশ । মৰাণৰ পৰা সাপেখাতীলৈ আহি থকাৰ অৱস্হাত সাপেখাতীৰ ১নং কঠীয়াখুন্দাৰ অজিত বেজবৰুৱাৰ পত্নী পিংকী বেজবৰুৱা আৰু তেওঁৰ দুই কন্যা সৃষ্টিকা বেজবৰুৱা (৮) আৰু তিনিমহীয়া কন্যা সোণাক্ষী বেজবৰুৱা নিৰুদ্দেশৰ ঘটনাই অঞ্চলটোৰ লগতে চৰাইদেউ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ঘটনা সন্দৰ্ভত স্বামী অজিত বেজবৰুৱাই সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানে কোনো সন্ধান লাভ কৰা নাই । এসপ্তাহৰ আগতে মৰাণৰ পৰা ১নং কঠীয়াখুন্দাৰ নিজা বাসগৃহলৈ মৰাণৰ যাত্ৰীবাহী বাছত আহিছিল মাতৃসহ দুই কন্যা ৷
কিন্তু আজিও পৰিয়ালটিৰ বাসগৃহত উপস্থিত নহ'ল দুই কন্যাসহ মাতৃ ।
- Log in to post comments
- 10 views