হাটশিঙিমাৰীৰ বৰেৰ আলগা জেবি স্কুলৰ শতবাৰ্ষিকী উদ্‌যাপন

হাটশিঙিমাৰীৰ বৰেৰ আলগা জেবি স্কুলৰ শতবাৰ্ষিকী উদ্‌যাপন

ধুবিৰীৰ পৰা আমিনুৰ আহমেদ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত-বাংলাদেশ সীমান্তৰ ২৫৩ নম্বৰ বৰেৰ আলগা জেবি স্কুলৰ শতবৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে বৰেৰ আলগা এমই মাদ্ৰাছাৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠান শনিবাৰৰ দিনা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

সেই উপলক্ষে স্কুলখনৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষক মজিবৰ ৰহমানৰ সভাপতিত্বত বৰেৰ আলগা এমই মাদ্ৰাছা প্ৰাঙ্গণত এখন সভা অনুষ্ঠিত হয় । সভাখনত গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা কলেজৰ সহযোগী অধ্যাপক তথা সাহিত্যিক ডঃ আখতাৰুল ইছলাম, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক স্বেখ বদৰুজ্জামান ফিৰদৌছীয়ে বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে ।

ইয়াৰোপৰি বিদ্যালয়খনৰ কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষকে সভাখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰে । উদ্বোধনী গীত আৰু সম্বৰ্ধনা অনুষ্ঠানেৰে আৰম্ভ কৰা সভাখনত সহস্ৰাধিক পুৰুষ-মহিলাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

দৰ্শকৰ মনোৰঞ্জনৰ বাবে মাজে-সময়ে গোৱালপাৰীয়া, বিহুনৃত্য আৰু গানৰ তালেৰে এক আকৰ্ষণীয় পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয় । 
 

Your Comments