অসমক ইছলামিক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে একাংশ দল-সংগঠনে : ৰাজেন গোহাঁই

অসমক ইছলামিক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে একাংশ দল-সংগঠনে : ৰাজেন গোহাঁই

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈ থকা এক অগ্নিগৰ্ভাময় পৰিস্থিতিৰ মাজতেই কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্রী ৰাজেন গোঁহায়ে মৰিগাঁৱত ঘটায় এক বিষ্ফোৰণ ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ দল-সংগঠনসমূহে গ্ৰহণ কৰা স্থিতিক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্রী ৰাজেন গোঁহায়ে এক প্ৰকাৰে প্ৰত্যাহ্বান জনায় অসমৰ দল-সংগঠনসমূহক ।

বিধেয়কখনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্থিতি আৰু বৰাকৰ বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা  শিলাদিত্যই দি অহা মন্তব্যসমূহক পূৰ্ণ সমৰ্থন জনাই অসমৰ জাতীয় সংগঠনসমূহলৈ মন্ত্ৰী ৰাজেন গোঁহায়ে প্রশ্ন উত্থাপন কৰি কয়- জাতীয় সংগঠনসমূহে অসমক হিন্দু ৰাজ্য হিচাপে বিচাৰে নে ইছলামিক ৰাজ্য হিচাপে বিচাৰে ? 

বিধেয়কৰ বিৰুদ্ধে যিসমূহ জাতীয় সংগঠনে উঠি-পৰি লাগিছে তেওঁলোকে অসমখনক ইছলামিক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিছাৰিছে ৷ এয়া কেতিয়াও সম্ভৱ নহয় ৷ আমি কেতিয়াও হ'বলৈ নিদিওঁ ৷

অসমখন এতিয়াও হিন্দুপ্রধান ৰাজ্য হিচাপে আছে, সেইটো কোনো কোনোৱে গ্রহণ কৰিব পৰা নাই | অসমক ইছলামিক ৰাজ্য কৰিবলৈ জাতীয় সংগঠনৰ নামত বহুজনে বহু কথা কৈছে ৷

নাগৰিকত্ব বিধেয়কখন ইছ্যু কৰি বহুৱে এতিয়া নেতা হোৱা প্রতিযোগিতাত নামি পৰিছে আৰু নতুন নতুন নেতাৰ জন্ম হৈছে বুলি কটাক্ষ কৰে । মৰিগাঁও আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গোঁহায়ে আৰু কয়- আজি জাতীয় সংগঠনসমূহে যিটো কৰিছে সেইটো অসমৰ বাবে একেবাৰে মংগলজনক নহয় ৷

বিধায়ক শিলাদিত্যই যিসমূহ কথা কৈছে সেইসমূহ সত্য কথাই কৈছে ৷ এন আৰ চিত বহুত ষড়যন্ত আছে ৷ বাদ পৰা ৪০ লাখৰ ভিতৰত ২৯ লাখেই হিন্দু ৷

পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যদি অসমৰ ৰাইজে আমাক ক্ষমতাচ্যুতও কৰে তাৰবাবে আমাৰ কোনো আক্ষেপ নাথাকিব বুলি অতি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰী গোঁহায়ে ।

উল্লেখ্য যে মৰিগাঁৱত এক বিশেষ কাৰ্যসূচী লৈ উপস্থিত হোৱা কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্রী ৰাজেন গোঁহাইৰ এই বিস্ফোৰক মন্তব্যই অসমৰ জাতীয় দল-সংগঠনসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

অনাগত দিনত চৰকাৰ তথা মন্ত্ৰীজনক অসমৰ জাতীয় দল-সংগঠনসমূহে কিদৰে প্ৰত্যাহ্বান জনায় সেয়া লক্ষণীয় হ'ব । 


 

Your Comments