যোৱা ২৩ অক্টোবৰত ৪৬টা সংগঠনে দিয়া অসম বন্ধক সফল কৰি তোলাৰ বাবে সমগ্ৰ অসমবাসীৰ লগতে সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, গৰীয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম জাতীয়তাবাদী উন্নয়ন পৰিষদে ধন্যবাদ জ্ঞাপন কৰে ।
বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সংগঠনকেইটাই এই কথা সদৰী কৰে ৷ সংবাদমেলখনত কৃষক- শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ২৩ অক্টোবৰৰ বন্ধক লৈ কৰা বিৰূপ উভতি ধৰি তেওঁৰ চকুৰ কোনো বিসংগতি আছিল নেকি বুলি প্ৰশ্ন কৰে ৷
যাৰ কাৰণে অসমৰ লোকসকলে অসমীয়া জাতিৰ হকে, অসমীয়া জাতি জীয়াই থকাৰ স্বাৰ্থত বন্ধ সফল কৰা নেদেখি কেৱল চৰ অঞ্চলতহে বন্ধ হোৱা দেখিলে বুলি উল্লে খকৰে ৷
বিজেপিৰ সভাপতি ৰঞ্জিত দাসক য'তে-ত'তে যিকোনো মন্তব্য দি অসমৰ জাতি-জনগোষ্ঠীৰ মাজত বিভেদ আনি ৰক্তাক্ত পৰিবেশৰ যাতে সৃষ্টি নকৰে তাৰ কাৰণেও সকীয়াই দিয়ে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতিগৰাকীয়ে ।
আনহাতে, ৰঞ্জিত দাসক ধুৰন্ধৰ নেতা আখ্যা দি প্ৰদীপ কলিতাই কয় যে এনেকুৱা ধুৰন্ধৰ নেতাই অসম গঢ় নিদিয়ে, বৰঞ্চ অসমৰ জাতি-জনগোষ্ঠীৰ মাজত যি মিত্ৰতা আছে সেই মিত্ৰতা নোহোৱাহে কৰিব ।
সেয়ে এনেকুৱা নেতাবোৰক অসমৰ মানুহে বহিষ্কাৰ কৰিব লাগে বুলিও তেওঁ কয় । জাতিদ্রোহী নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি কলিতাই কয় যে বিজেপি দলত যিখিনি অসমীয়া জাতীয় নেতা আছে তেওঁলোকৰ নাকত যদি লাজ আছে, জাতিটোৰ প্ৰতি যদি শ্ৰদ্ধা-ভক্তি আছে তেনেহ'লে সেই জাতীয় নেতাকেইজন ওলাই আহি অসমীয়া জাতিক ধ্বংস কৰিব বিচাৰা বিধেয়কখনৰ বিৰুদ্ধে তেওঁলোকৰ লগত এক হৈ সংগ্ৰাম কৰক ।
আনহাতে, বিজেপি আৰু আৰ এছ এছে ৰাতিটোৰ ভিতৰতে ৰামসেনা নামৰ এক সংগঠন জন্ম দি এই পাবত গজা সংগঠনৰ দ্বাৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মতা সংগঠনসমূহৰ মাত বন্ধ কৰিব বিচাৰিছে বুলিও তেওঁ উল্লেখ কৰে ।
শৰীৰত শেষ বিন্দু তেজ থকালৈকে যিকোনো ত্যাগৰ বিনিময়ত ৰাজ্যত হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ প্ৰদান কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে ।
উল্লেখ্য যে এই বিধেয়কখন বাতিলৰ দাবীত কৃষক-শ্রমিক উন্নয়ন পৰিষদ, অসম আৰু সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে অহা ৬ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথাও সংবাদমেলযোগে ঘোষণা কৰে ।
- Log in to post comments
- 22 views