আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীপূজা । লক্ষ্মী আইক পুঁজিবলৈ ঘৰে ঘৰে ব্যাপক প্ৰস্তুতি ।
বজাৰত উপচি পৰিছে পূজাৰ সামগ্ৰী । দুৰ্গোৎসৱৰ পিছতে লক্ষ্মীপূজাক লৈ গুৱাহাটী মহানগৰীত দেখা পোৱা গৈছে ব্যাপক প্ৰস্তুতি ।
বজাৰসমূহত এতিয়া লক্ষ্মীৰ মৃণ্ময় মূৰ্তি, ধানৰ মুঠি, পদুম ফুল, মাটিৰ চাকি, ফুলৰ মালা, আমপাত, কলপাত আদি উভৈনদী ।
এটা ধানৰ মুঠিৰ দাম ১০ টকাৰ পৰা ৪০ টকা, লক্ষ্মী দেৱীৰ মৃণ্ময় মূৰ্তিৰ মূল্য ২০০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত । মহানগৰীৰ গণেশগুৰি, পল্টন বজাৰ, বেলতলা বজাৰত লক্ষ্মীপূজাৰ সকলো সামগ্ৰী উপলব্ধ হৈছে ঠিকেই, কিন্তু এই পূজাৰ সামগ্ৰীসমূহৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে ।
ধন-ঐশ্বৰ্য্যৰ দেৱীক পুঁজিবলৈ এতিয়া সকলোতে এনেদৰেই ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে ।
- Log in to post comments
- 17 views