বৰদলনি শিল্পী সমাজৰ উদ্যোগত শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আয়োজন

বৰদলনি শিল্পী সমাজৰ উদ্যোগত শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা

বৰদলনিৰ পৰা ললিত শইকীয়া

ধেমাজি জিলাৰ বৰদলনি শিল্পী সমাজৰ উদ্যোগত দ্বিতীয় বাষিক শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা উদ্‌যাপনৰ আয়োজন কৰা হৈছে ৷

বৰদলনি শিল্পী সমাজৰ উদ্যোগত শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা

এই উপলক্ষে শুভ নাট্যাৰম্ভ অহা ২৪ অক্টোবৰৰ লক্ষ্মী পূৰ্ণিমা তিথিৰ দিনা বৰদলনি ৰাস মঞ্চত অনুষ্ঠিত হ'ব ।

বৰদলনি শিল্পী সমাজৰ উদ্যোগত শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা

সত্ৰ নগৰী মাজুলিৰ নিপুণ মুখা শিল্প আৰু উন্নত কাৰিকৰী কৌশলেৰে এইবাৰৰ ৰাস মহোৎসৱত বৰদলনি আৰু ধেমাজি জিলাৰ বছা বছা শিল্পীৰ সমাগম ঘটিব ।

বৰদলনি শিল্পী সমাজৰ উদ্যোগত শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা

উল্লেখ্য যে অহা ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হ'বলগা ৰাস উৎসৱত সমূহ ৰাইজৰ উপস্থিতি তথা আশীৰ্বাদ কামনা কৰিছে উদ্‌যাপন সমিতিৰ সভাপতি-সম্পাদকৰ লগতে উদীয়মান শিল্পী মুনীন দত্তই ৷

Your Comments