গুৱাহাটী মহানগৰীতো নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে ৪৬টা সংগঠনে আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ।
দুই-এখন ব্যক্তিগত বাহনৰ বাদে মহানগৰীৰ ৰাজপথত চলাচল কৰা নাই কোনো ধৰণৰ চিটী বাছ । অৱশ্যে পৰিবহণ নিগমৰ চিটী বাছসমূহ বৰ্তমানলৈকে চলি আছে । চিটী বাছৰ চলাচল বন্ধ থকাত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
তদুপৰি, সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানো বৰ্তমান সময়লৈকে বন্ধ ৰখা হৈছে । আনহাতে, মহানগৰীৰো বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকসকলে । গড়চুক, আ ইএছ বি টিত টায়াৰ জ্বলাই বাহন চলাচলত বাধা বন্ধ সমৰ্থকৰ । সৰুসজাইতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ।
নাৰেংগীৰ ৰাজপথত প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ । আনহাতে, বৰবাৰীতো ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকসকলৰ ।
ইফালে মহানগৰীত অ'লা-উবেৰৰ চলাচলো বন্ধ ৰাখিছে কেব অপাৰেটৰ সন্থাই ।
মহানগৰীৰ বেলতলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অৱস্থাতে ৩ বন্ধ সমৰ্থকক আটক কৰে বশিষ্ঠ আৰক্ষীয়ে । সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰ, মানস দত্ত আৰু আশিস বৰাক আটক কৰিছে বশিষ্ঠ আৰক্ষীয়ে ।
- Log in to post comments
- 12 views