২৩ অক্টোবৰৰ অসম বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন প্ৰদেশ কংগ্ৰেছৰ

২৩ অক্টোবৰৰ অসম বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন প্ৰদেশ কংগ্ৰেছৰ

কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৪৬টা সংগঠনে অহা ২৩ অক্টোবৰত আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন জনাইছে অসম প্ৰদেশ কংগ্ৰেছে ৷ 

আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই সংবাদ মাধ্যমৰ আগত কয়, ‘এই বন্ধৰ প্ৰতি আমাৰ সমৰ্থন আছে । কাৰণ ৪৬টা সংগঠনে যি দাবীৰে অসম বন্ধৰ আহ্বান জনাইছে সেই দাবী কংগ্ৰেছৰো দাবী ।' 

উল্লেখ্য যে অহা ২৩ অক্টোবৰৰ দিনা যুটীয়া সংসদীয় সমিতিয়ে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে পুনৰবাৰ অসমলৈ শুনানিৰ বাবে নাহি কেবিনেটৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব বিচৰা বুলি অভিযোগ তুলি কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে উক্ত দিনটোত বাৰঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে । 

তদুপৰি, যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিশ্ৰুতি মতে পুনৰবাৰ অসমলৈ শুনানি গ্ৰহণ কৰিবলৈ নহাক লৈ সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা । তেওঁ এই কথাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে । 

তেওঁ লগতে কয়, ‘সংসদত বিধেয়ক উত্থাপন হ’লে কংগ্ৰেছৰ সাংসদসকলে বিৰোধিতা কৰিব । অন্যান্য বিৰোধী দলৰ সাংসদসকলকো এই বিলখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনোৱা হ’ব ।' 

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপৰ স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । তেওঁ কয়- ‘নাগৰিত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমাবেশ অনুষ্ঠিত কৰাৰ বিৰোধ নকৰোঁ । কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপৰ সমাবেশ এখন নাটক ।' 

তেওঁ লগতে কয় যে অগপ নেতৃত্বই কৈ আছে যে বিধেয়কখন সংসদত গৃহীত হ’লে তেওঁলোক মিত্ৰজোঁটৰ পৰা ওলাই আহিব । কিন্তু জাতিধ্বংসী বিধেয়কখন গৃহীত হোৱাৰ পাছত ওলাই আহি অগপৰ কি লাভ হ’ব বুলিও তেওঁ অগপক উভতি ধৰে ৷ 

ইয়াৰোপৰি তেওঁ অগপ দলৰ তিনি মন্ত্ৰীৰ প্ৰতি আহ্বান জনাই কয়, ‘আমাৰ আহ্বান, আপোনালোকে বিধেয়কখন গৃহীত নহ’বলৈ কিবা এটা কৰক । তিনিজন মন্ত্ৰীয়ে অসম চৰকাৰৰ মন্ত্ৰিত্বৰ পদ ত্যাগ কৰিব নোৱাৰেনে ?’

Your Comments