নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰহাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে ।
শনিবাৰে এই বিধেয়কৰ বিৰোধিতা কৰি তথা হিন্দু বাংলাদেশীক কোনো কাৰণতে অসমত সংস্থাপন নিদিয়াৰ হুংকাৰ দি কৃষক মুক্তিয়ে ৰহাৰ ৰাজপথত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে ।
কৃষক মুক্তিৰ সদস্যসকলে শনিবাৰে বিয়লি ৰহাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিজেপি গ' বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, আৰ এছ এছ গ' বেক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ।
লগতে এই বিধেয়ক বাতিল নকৰিলে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ।
- Log in to post comments
- 9 views