আজি কালি কবিতাৰ কিতাপ বিক্ৰী নহয় অসমত : কবি নীলিম কুমাৰ

aa

দেওবাৰে গুৱাহাটীৰ জ্যোতিনগৰস্থিত মাদাৰ বৃদ্ধাবাসত এখনি কবিতা পুথি উন্মোচন কৰি কবি নীলিম কুমাৰে কয় যে আজি কালি অ-কবিতাৰ যুগ আৰু এই অ-কবিতাই কবিতাৰ মৃত্যু অতি ওচৰ চপাই আনিছে । উন্মোচন কৰা কাব্যগ্ৰন্থখনৰ নাম "ৰ'দ বৰষুণ আৰু জীৱনৰ পুৰাতন কথাবোৰ" । গ্ৰন্থখনত নয়ন মণি শৰ্মা, প্ৰাঞ্জল শৰ্মা, বন্দিতা কৌশিক বৰদলৈ আৰু মৃন্ময় শৰ্মাই তেওঁলোকৰ কবিতাসমূহ প্ৰকাশ কৰিছে । উন্মোচনী অনুষ্ঠানটোত কবি নীলিম কুমাৰ, সাহিত্যিক সব্যসাচী মহন্ত, ৰঙিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা কবিন দাস উপস্থিত থাকে ।

Your Comments