মহানগৰীত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ পৰেশ বৰুৱাৰ

aa

আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতে মহানগৰীত সংঘটিত হল বিস্ফোৰণ। পানবজাৰৰ পৰা ফাঁচী বজাৰলৈ যোৱাৰ পথতে সংঘটিত হয় বিস্ফোৰণ । আহত হয় মহিলা সহ চাৰি জনকৈ লোক । বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছত অঞ্চলজুৰি হাহাকাৰ । এটা পুৰণা মাটিৰ দ’মৰ মাজত পোত খাই আছিল বোমাটো ।   বিস্ফোৰণ স্থলীত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা উপস্থিত হয় ।

আৰক্ষী প্ৰশাসনৰ লোকে জানিব লৈ দিয়া মতে এইটো কোনো পৰিকল্পিত গ্ৰেনেড বিস্ফোৰণ নহয় ।  এইটো হয়তো কোনোবা দুস্কৃতিকাৰীয়ে ফটকাৰ দ্বাৰা আতংক সৃষ্টি কৰিবৰ কাৰণে থৈছিল ।  বৰ্তমান বিস্ফোৰণ স্থলীত বোমা বিশেষজ্ঞৰ  দল উপস্থিত হৈছে । আনহাতে সেই ৰাজপথত থকা চিচিটিভি সমূহ সম্পূৰ্ণ বিকল বুলি গম পোৱা গৈছে। আৰক্ষী প্ৰশাসনৰ নিৰাপত্তাৰ হেমাহিৰ বাবেই পূজাৰ প্ৰাকক্ষণত সংঘটিত হ’ল নেকি বিস্ফোৰণটো ? এই প্ৰশ্নই এতিয়া বিভিন্ন মহলত জোকাৰণি তুলিছে ।

aa

ইফালে শেহতীয়াকৈ এই বিস্ফোৰণৰ দায়িত্ব পৰেশ বৰুৱা নেতৃত্বাধীন আলফাই (স্বাঃ) স্বীকাৰ কৰি লোৱা বুলি জানিব পৰা গৈছে ৷ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমক নিজে এই কথা জনায় লগতে প্ৰকাশ কৰে যে এন আৰ চিৰ বিৰোধিতা কৰা বঙালী সংগঠনক লক্ষ্য কৰিয়েই আছিল এই আক্ৰমণ ৷ আহতসকলক উদ্দেশ্যি দুখ প্ৰকাশ কৰে আলফাৰ সেনাধ্যক্ষগৰাকীয়ে ৷ 

Your Comments