শাৰদীয় দুৰ্গোৎসবলৈ  মাজত মাথোঁ তিনিটা দিন

aa

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে দুৰ্গা পূজাৰ প্ৰস্তুতি । প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পীসকল । \ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ  কমিটিসমূহেও মহাআড়ম্বৰ পূৰ্ণভাৱে আয়োজন কৰিছে দুৰ্গা  পূজাৰ । গুৱাহাটীৰ পূজা মানেই যেন চমকৰ প্ৰতিযোগিতা । কৰবাত যদি বাহুবলিৰ চমক আন কৰবাত আকৌ সু-উচ্চ ভাৰত মাতৰ প্ৰতিমূৰ্তি । গুৱাহাটী মহানগৰীৰ কোনো কোনো ঠাইত মণ্ডপ স্থলীতে নিৰ্মান কৰা হৈছে মা দূর্গাৰ মূৰ্তি । 

aa

বেলতলাৰ লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গোৎসবৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ । এইবাৰ তেওঁলোকে থলুৱা বাঁহ, জাপি, চেপা, দোলা, খালৈ আদিৰে অতি সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছে পূজা মণ্ডপটি । অন্ধ-বিশ্বাসৰ লগতে ডাইনী হত্যা, হাতী মানুহৰ সংঘাটক থিম হিচাপে লৈছে বেলতলা পূজা কমিটিয়ে । বাহিৰৰ শিল্পীৰ পৰিবৰ্তে থলুৱা শিল্পীয়ে নিৰ্মাণ কৰিছে পূজা মণ্ডপটো । এইবাৰ বেলতলা পূজা কমিটিৰ বাজেট ৫০ লাখ  টকা । 

aa

বেলতলাৰ লগতে সমানে সমানে মণ্ডপৰ কামত ব্যস্ত লতাশিল পূজা কমিটি । তেওঁলোকৰ এইবাৰৰ দুৰ্গা পূজাৰ বাজেট ১৬ লাখ টকা । বৃন্দাবনত নিৰ্মীয়মান কৃষ্ণ মন্দিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে লতাশিলৰ পূজা মণ্ডপ । এই মণ্ডপৰ উচ্চতা আকৌ ৮৫ ফুট । 

aa

আনহাতে গুৱাহাটীৰ বিষ্ণুপুৰত ৭৬ ফুট উচ্চ ভাৰত মাতৰ প্ৰতিমা নিৰ্মাণ কৰি উলিওৱা হৈছে । ৩৫ লাখ টকাৰ বাজেটেৰে এইবাৰ চমক দেখুৱাবলৈ সাজু বিষ্ণুপূৰ পূজা কমিটি । প্ৰায় ডেৰ মাহ ধৰি প্ৰস্তুতি চলাই থকা হৈছে এই ভাৰত মাতৰ নিৰ্মাণ কাৰ্য । থলুৱা শিপ্লীয়ে নিৰ্মাণ কৰিছে এই ভাৰত মাতৰ মূৰ্তি । 

এটা এটা দুৰ্গা মূৰ্তিৰ মূল্য ২০ হাজাৰৰ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত । এতিয়া এনেদৰেই লক্ষ লক্ষ টকাৰ চমকেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ পূজা কমিটিসমূহ সাজু হৈছে ।

Your Comments