মাজুলীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অত্যাধুনিক ৰ'-ৰ' জাহাজ সেৱা 

aa

অৱশেষত মাজুলীবাসীৰ সপোনৰ বহু চৰ্চিত অত্যাধুনিক জাহাজ ৰ-ৰখন আজি দিনৰ এঘাৰ বজাত মাজুলী কমলাবাৰী ঘাটত আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁই, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বিমল বৰা আদিকে ধৰি বিভিন্ন বিষয়া-কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ফ্লেগ অফ কৰি অত্যাধুনিক ৰ'-ৰ' জাহাজখন উদ্বোধন কৰে ।

aa

ইয়াৰ লগে লগে মাজুলী আৰু যোৰহাটৰ মাজত যান-বাহন, বিভিন্ন সামগ্ৰী পাৰ কৰাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ'ল । উল্লেখ্য যে, বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলীৰ জলপথ যোগাযোগ ব্যৱস্থা অধিক সুসংহত আৰু অত্যাধুনিক কৰি তোলাৰ বাবে ৰাজ্যৰ মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজিৰ পৰা কমলাবাৰী-নিমাতীঘাটৰ মাজত আৰম্ভ হ'ব "এম ভি ভূপেন হাজৰিকা" নামৰ এই ৰ'-ৰ' জাহাজখন ।

aa

আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ সঞ্চালক ভাৰতভূষণ দেৱচৌধুৰীয়ে প্ৰকাশ কৰা মতে একেবাৰতে শতাধিক যাত্ৰীৰ উপৰি ২৫ টনকৈ সামগ্ৰী পৰিবাহী ৮ খন ট্ৰাক বা ২৫ খন সৰু গাড়ী পাৰ কৰাৰ বহন ক্ষমতা থকা এই ৰ'-ৰ' জাহাজখন দীঘলে ৪৬.৫০ মিটাৰ আৰু বহলে ১৩.৩০ মিটাৰ । সম্পূৰ্ণ ষ্টীলেৰে নিৰ্মিত ৰ'-ৰ' জাহাজখনত এটা মূল ইঞ্জিনৰ লগতে দুটা অতিৰিক্ত ইঞ্জিনৰ ব্যৱস্থা আছে ।

sd

ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি দিয়া 'এম ভি ভূপেন হাজৰিকা' ৰ'-ৰ' জাহাজখন ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ অধীনত কমলাবাৰী-নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ চলাচল কৰিব । এই ৰ'-ৰ' জাহাজখনৰ গতিবেগ হ'ব ঘণ্টাত ১০.৭৫ নট্ ।

Your Comments