বল্লভ ভাই পেটেলৰ মূৰ্তি উন্মোচনী অনুষ্ঠানলৈ আমন্ত্ৰণৰ বাবে গুৱাহাটীত গুজৰাটৰ মন্ত্ৰী

বল্লভ ভাই পেটেলৰ মূৰ্তি উন্মোচনী অনুষ্ঠানলৈ আমন্ত্ৰণৰ বাবে গুৱাহাটীত গুজৰাটৰ মন্ত্ৰী

গুজৰাটত স্থাপিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তি উন্মোচনৰ অনুষ্ঠানত অসমৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰী আৰু অসমবাসীক আমন্ত্ৰণ জনাবৰ বাবে আহিছে গুজৰাটৰ কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী আৰ চি ফাল্ডু ।

বল্লভ ভাই পেটেলৰ ১৮২ মিটাৰ উচ্চতাৰ মূৰ্তি উদ্বোধন হ'ব অহা ৩১ অক্টোবৰত । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিব বিশ্বৰ ভিতৰত ওখ মূৰ্তিটো । গুৱাহাটীৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত গুজৰাটৰ মন্ত্ৰী আ চি ফাল্ডুৱে এই কথা জানিবলৈ দিয়ে । 

উল্লেখ্য যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ৰাষ্ট্ৰভক্তি প্ৰদৰ্শন কৰিবৰ বাবে ২০১৩ চনতে এই পৰিকল্পনা হাতত লৈছিল নৰেন্দ্ৰ মোডীয়ে আৰু ইয়াৰ কাম আৰম্ভ কৰা হৈছিল । 
মূৰ্তি স্থাপনৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীৰ ওচৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শৰ বাৰ্তা প্ৰেৰণ কৰিব বিচৰা বুলি জানিবলৈ দিয়ে গুজৰাটৰ মন্ত্ৰী ফাল্ডুৱে । ইতিমধ্যে অসমৰ মুখ্য মন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনালে গুজৰাটৰ মন্ত্ৰীগৰাকীয়ে । 

উল্লেখ্য যে এই মূৰ্তি নিৰ্মাণৰ সম্পূৰ্ণ খৰচ ২,৩৩২ কোটি টকা আৰু ১৯,৭৩১ বৰ্গমিটাৰ মাটিকালি আগুৰি আছে । নৰ্মদাৰ পাৰত স্থাপন কৰা হৈছে এই মূৰ্তিটো । ১৫ হাজাৰ দৰ্শনাৰ্থীয়ে একেলগে এই মূৰ্তিটো চাব পৰাৰ সুবিধা আছে । 

বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিব চৰ্দাৰ বল্লভ ভাই পেটেলৰ এই মূৰ্তিটো । অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিবৰ বাবে এই পদক্ষেপ লৈছে গুজৰাট আৰু কেন্দ্ৰীয় চৰকাৰে । 

আনহাতে, চৰ্দাৰ বল্লভভাই পেটেলক প্ৰশংসা কৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, "চৰ্দাৰ বল্লভ ভাই পেটেলে দেশক ব্ৰিটিছৰ হাতৰ পৰা উদ্ধাৰ কৰাত বহুখিনি সংগ্ৰাম কৰিছিল ।" 

তেওঁ লগতে কয়, "দেশৰ স্বাধীনতাৰ পাছতো খণ্ড খণ্ড হৈ থকা ভাৰতক একত্ৰিত কৰাত উল্লেখনীয় ভূমিকা পালন কৰিছিল । অবিভাজ্য ৰাজ্য সৃষ্টিতো তেখেতৰ যথেষ্ট অৰিহণা আছে । 

গুজৰাটত জন্মগ্ৰহণ কৰিছিল যদিও বল্লভ ভাই পেটেল সমগ্ৰ ভাৰতৰ সন্তান বুলি উল্লেখ কৰি তেওঁ লগতে কয় দেশৰ সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ মুখ্য মন্ত্ৰীও উপস্থিত থাকিব উক্ত অনুষ্ঠানত ।

Your Comments