সৃজনগ্ৰামত চৰকাৰী ফলকত অসমীয়া ভাষাৰ শ্ৰাদ্ধ : সচেতন মহলৰ প্ৰতিক্ৰিয়া

সৃজনগ্ৰামত চৰকাৰী ফলকত অসমীয়া ভাষাৰ শ্ৰাদ্ধ : সচেতন মহলৰ প্ৰতিক্ৰিয়া

অভয়াপুৰীৰ পৰা নীনা কলিতা পাল

অভয়াপুৰীৰ সৃজনগ্ৰামত চৰকাৰী ফলকত অসমীয়া ভাষাৰ শ্ৰাদ্ধ । সৃজনগ্ৰামৰ পঞ্চায়তে পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত ১৫০সংখ্যক গান্ধীজয়ন্তী উপলক্ষে আঁৰি দিয়া বিভিন্ন চৰকাৰী ঘোষণা সম্বলিত ফলকখন বাৰপাচি ভুলেৰে ভৰি আছে ।

ফলকখনত "অনুসূচিত"ৰ ঠাইত "অনুসুচত" "নিশ্চিত"ৰ ঠাইত "নিশ্চত" "উৎপাদিত"ৰ ঠাইত "উতপাদিত" "আন্ত:গাঁথনিৰ" ঠাইত "আন্তৰ্গাথনি", "মূলপথ"ৰ ঠাইত "মুলপথ" ইত্যাদি বিভিন্ন ভুলেৰে চৰকাৰী ফলকখন ভৰি আছে ।

aaa

যিসময়ত অসম সাহিত্য সভাই অসমীয়া ভাষা চৰকাৰী বিভাগত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে সেই সময়তে সৃজনগ্ৰাম পঞ্চায়তৰ এনে কৰ্ম-কাণ্ড দেখি চকু কপালত উঠিছে সচেতন মহলৰ ।

শীঘ্ৰে উক্ত ছাইনবোৰ্ডখন আঁতৰাই দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে । 
 

Your Comments