নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
মহামানৱ মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে দেশৰ কাৰাবন্দীক মুকলি কৰি দিয়াৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি অসমৰ ২০গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে ।
কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ আদেশ নং ডি অ' ১৭০১৩/ ১৭/২০১৮ পি আৰ তাৰিখ ২৮-০৭-২০১৮ মৰ্মে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল এছ চাংছনে প্ৰেৰণ কৰা নিৰ্দেশ অনুসৰি ৰাজ্যখনৰ বিভিন্ন জিলাৰ কাৰাগাৰত বন্দী হৈ থকা ২০গৰাকী কাৰাবাসীক শুকুৰবাৰে কাৰাগাৰ কৰ্তৃপক্ষই মুকলি কৰি দিয়ে।
এই কাৰাবন্দীসকলৰ ভিতৰত নগাঁও জিলাৰ এজন কাৰাবন্দীক মুকলি কৰি দিয়া হয় । তেওঁ হৈছে হেকমৎ আলী (৬২) । মুক্তি পোৱা আনসকল হৈছে- ডিব্ৰুগড়ৰ শচীন নায়ক (৩১), সুৰেশ মাঝি (২৯), সুনীল দেৱনাথ (৬০), সুনজীনা ধৰ (৪৫), বীৰেন গগৈ (৩৩); যোৰহাটৰ কণভাই গগৈ (৩৯); বৰপেটাৰ নাছিৰ আলী (৪৭); গোলাঘাটৰ বিকাশ শৰ্মা (৩০), হৰেশ্বৰ গগৈ (৪৮), ৰাধে ওৰাং (২৪), ইন্দ্ৰজিত ৰাজখোৱা (৩৮), অমৰ কুমাৰ হাজৰিকা (৩৬); তেজপুৰৰ শীবলু টপ্ন (৩৪), তিনিচুকীয়াৰ ৰাজদেউ লোধী (৩৪), ৰাজেন শৰ্মা (৩০); ধেমাজিৰ হেমলাল কাটেল (৬০), তৰুণ বসুমতাৰী (২৫), সঞ্জীৱ বসুমতাৰী (২৮) আৰু অঞ্জন তনুৱাই (৩৮) ।
উল্লেখ্য যে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হোৱা নগাঁও জিলাৰ কাৰাবন্দী হেকমৎ আলীৰ ঘৰ ধিঙৰ উত্তৰ মেলেকা গাঁৱত । শুকুৰবাৰে নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত ছহিদ ভৱনৰ সন্মুখত নগাঁও জিলাৰ কাৰাগাৰ কৰ্তৃপক্ষই হেকমৎ আলীক এখন গামোচা পিন্ধোৱাৰ লগতে মহাত্মা গান্ধীৰ এখন জীৱনী উপহাৰ দিয়ে । ২০১২2 চনৰ ৩০ জুনৰ পৰা হেকমৎ কাৰাৰুদ্ধ হৈ আছিল ।
- Log in to post comments
- 10 views