ৰাফেল বিমান কেলেংকাৰী আৰু পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিত শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে লতাশিল খেলপথাৰৰ পৰা ৰাজভৱন ঘেৰাও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
পৰিৱৰ্তনৰ নামত শোষণ নচলিব, মোডী হতাও দেশ বচাও, পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক, মূল্যবৃদ্ধি হৈছে তথাপিও বিজেপি কিয় শুই আছে, বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজভৱনৰ ৰাজপথ ।
প্ৰতিবাদটোত সভাপতি হৰিশ ৰাৱাত, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, অকণ বৰা, ৰিপুণ বৰা, ৰূপজ্যোতি কুর্মী, অৰ্ধেন্দু দে' উপস্থিত থাকে ।
প্ৰতিবাদৰ শেষত প্ৰতিবাদকাৰীসকলে ৰাজ্যপালক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।
- Log in to post comments
- 15 views