অসমত শুভাৰম্ভ দেশৰ প্ৰথম "সেউজ আৰু স্বচ্ছ মিথানল কুকিং ষ্টভ" পাইলট প্ৰজেক্ট

অসমত শুভাৰম্ভ দেশৰ প্ৰথম "সেউজ আৰু স্বচ্ছ মিথানল কুকিং ষ্টভ" পাইলট প্ৰজেক্ট

নামৰূপৰ পৰা সমীৰণ বৰুৱা

অসমবাসীলৈ এটা ভাল খবৰ । যি সময়ত ইন্ধনৰ আকাশলংঘী মূল্যই ৰাইজক জ্বলা-কলা খুৱাইছে, সেই সময়তে অসম পেট্ৰ'কেমিকেল লিমিটেডে দেশৰ ভিতৰতে প্ৰথম অতি কম মূল্য আৰু প্ৰদূষণমূক্ত ইন্ধন তৈয়াৰ কৰি উলিয়াইছে । নামৰূপ পেট্ৰ'কেমিকেল লিমিটেডে এই "সেউজ আৰু স্বচ্ছ মিথানল কুকিং ষ্টভ" পাইলট প্ৰজেক্ট শুকুৰবাৰে শুভাৰম্ভ কৰে ।

অসমত শুভাৰম্ভ দেশৰ প্ৰথম "সেউজ আৰু স্বচ্ছ মিথানল কুকিং ষ্টভ" পাইলট প্ৰজেক্ট

ৰাজ্যবাসীৰ বাবে এয়া নিশ্চয় এক ঐতিহাসিক ক্ষণ । নিটি আয়োগৰ সদস্য, পদ্মশ্ৰী, বিশিষ্ট বৈজ্ঞানীক ডঃ ভি কে সাৰস্বতৰ উপস্থিতিত শুভাৰম্ভ কৰা ডিব্ৰুগড়ৰ নামৰূপস্থিত অসম পেট্ৰ'কেমিকেলছ লিমিটেডত শুভ উদ্বোধন কৰে দেশ তথা এছিয়া মহাদেশৰ প্ৰথমখন এই আঁচনি ৷

লগতে সুদূৰ ছুইডেনৰ পৰা অনা হৈছে মিথানলত ব্যৱহৃত এই ষ্ট'ভ । নিটি আয়োগৰ নিৰ্দেশত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৌজন্যত শুকুৰবাৰে এই আঁচনিৰ শুভাৰম্ভ কৰে বিশিষ্ট বিজ্ঞানীগৰাকীয়ে ।

অসমত শুভাৰম্ভ দেশৰ প্ৰথম "সেউজ আৰু স্বচ্ছ মিথানল কুকিং ষ্টভ" পাইলট প্ৰজেক্ট

ৰন্ধন গেছৰ বিকল্প এই ইন্ধন মিথানল ৩০ শতাংশ কম মূল্যৰ সেউজ আৰু স্বচ্ছ ইন্ধন হিচাপে উপলব্ধ হ'ব । এই আঁচনিৰ কুকিং ষ্ট'ভৰ যি ব্যৱস্থা সেয়া এছিয়া মহাদেশৰ ভিতৰতে প্ৰথম । এই আঁচনি উদ্বোধনৰ পাছতেই এই ইন্ধন পাইলট প্ৰজেক্ট হিচাপে প্ৰথমে অসম পেট্ৰ'কেমিকেল লিমিটেডত কৰ্মৰত পৰিয়ালৰ লোকক প্ৰদান কৰা হয় ।

 আনহাতে, এই পাইলট প্ৰজেক্ট সম্পূৰ্ণ কৰি অহা ৩ মাহৰ ভিতৰতে ৰাইজৰ মাজলৈ উলিয়াই দিব অসম পেট্ৰ'কেমিকেল লিমিটেডে । ইফালে এই অনুষ্ঠানত অসম পেট্ৰ'কেমিকেল লিমিটেডৰ পৰিচালন সঞ্চালক ৰাতুল বৰদলৈ, সাংসদ ৰামেশ্বৰ তেলী, অধ্যক্ষ জগদীশ ভূঞা, উপাধ্যক্ষ বিকুল ডেকা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱাকে প্ৰমুখ্য কৰি উপস্থিত থাকে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি ।

Byte. ডঃ ভি কে সাৰস্বত, বৈজ্ঞানিক 

Your Comments