অসম আৰক্ষীৰ বৰ্বৰতা । প্ৰতিবন্ধীৰ ওপৰত চলালে লাঠি । অকল লাঠিয়েই নহয়, পানীহিলৈও নিক্ষেপ কৰিলে তেওঁলোকৰ ওপৰত । ৰাজ্যৰ প্ৰতিবন্ধীসকলৰ সুৰক্ষা আৰু অধিকাৰৰ হকে মাত মাতি অহা প্ৰতিবন্ধী সুৰক্ষা সংস্থাই শুকুৰবাৰে দিছপুৰ লাষ্টগে'টত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।
সংস্থাটোৰ সম্পাদক নৃপেন মালাকাৰে জনায় যে ২ আগষ্টত ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সৈতে নিযুক্তি সন্দৰ্ভত এক আলোচনাত মিলিত হয় । সেই আলোচনাৰ অন্তত এখন কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰা হয় ।
আঁচনিখন অনুসৰি বিভিন্ন বিভাগত খালি হৈ থকা ৪,৪১৯টা পদত বিশেষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি ৩০ ছেপ্টেম্বৰৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে ২২ অক্টোবৰৰ ভিতৰত নিযুক্তি সম্পৰ্কীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি লিখিত প্ৰতিশ্রুতি প্ৰদান কৰিছিল ।
কিন্তু পৰিতাপৰ বিষয় যে ৩০ ছেপ্টেম্বৰ পাৰ হৈ যোৱাৰ পিছতো বিজ্ঞাপন প্ৰকাশ কৰাৰ দূৰৈৰে কথা, বিজ্ঞাপন প্ৰকাশৰ বাবে প্ৰাৰম্ভিক কামবোৰো আৰম্ভ নহ'ল বুলিও নৃপেন মালাকাৰে জনায় । তাৰ ফলশ্ৰুতিতে আজি লাষ্টগে'টত পুৱা ১১ বজাৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
কিন্তু প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীয়ে অসম আৰক্ষীৰ লাঠি ভাঙি দিয়াৰ লগতে আৰক্ষীলৈ বালি আৰু শিলগুটি দলিয়ায় । তাৰ পিছতেই আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মমভাৱে লাঠি চলোৱাৰ লগতে পানীহিলৈও নিক্ষেপ কৰে ।
এই লাঠিচালনাৰ ফলত বহু কেইগৰাকী প্ৰতিবন্ধী প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে ২জন আৰক্ষীৰ লোকো আহত হয় । '
হয় আমাক নিযুক্তি দিয়ক, নহয় আমাক গুলীয়াই মাৰক, দৃষ্টিহীন মহাবিদ্যালয়ৰ ব্যৱস্থা কৰক, আমাৰ দাবী মানিবই লাগিব, ১% দৃষ্টিহীনকো বঞ্চিত কৰিব নোৱাৰে, ৪,৪১৯ পদত প্ৰতিবন্ধকৰ নিযুক্তিৰ শীঘ্ৰেই ব্যৱস্থা কৰক' ইত্যাদি শ্লোগানেৰে উত্তাল কৰে লাষ্টগে'ট ।
উক্ত প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো প্ৰতিবন্ধী প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
- Log in to post comments
- 8 views