ক'লৈ গ'ল জোঙাল বলহুৰ আৱক্ষ মূৰ্তিৰ বাবে আৱণ্টিত তিৱা স্বায়ত্ত পৰিষদৰ ৩০ লাখ টকা ?

ক'লৈ গ'ল জোঙাল বলহুৰ আৱক্ষ মূৰ্তিৰ বাবে আৱণ্টিত তিৱা স্বায়ত্ত পৰিষদৰ ৩০ লাখ টকা ?

কি হ’ল ঐতিহাসিক বীৰ, কিম্বদন্তি পুৰুষ জোঙাল বলহুৰ আৱক্ষ মূৰ্তি স্থাপনৰ বাবে তিৱা স্বায়ত্ত পৰিষদে আৱণ্টন দিয়া প্ৰায় ৩০ লাখ টকা ? তিৱা জাতীয় সংগঠনৰ নেতৃত্বই বিচাৰিছে ইয়াৰ উচিত তদন্ত ৷ 

ঐতিহাসিক বীৰ ৰজা জোঙাল বলহু ৷ জোঙাল বলহুৰ শৌৰ্য-বীৰ্যৰ কাহিনী তথা জনশ্ৰুতিবোৰে আজিও মহীয়ান কৰি ৰাখিছে বাহুবলী ৰজাজনক ৷ ৰহাৰ দীঘলীআটীৰ সমীপত থকা গড় তথা বিশাল পুখুৰীবোৰে আজিও সোঁৱৰাই বীৰজনাক ৷

ক'লৈ গ'ল জোঙাল বলহুৰ আৱক্ষ মূৰ্তিৰ বাবে আৱণ্টিত তিৱা স্বায়ত্ত পৰিষদৰ ৩০ লাখ টকা ?

বীৰগৰাকীৰ ৰাজধানী সাততৰপীয়া গড়বোৰৰ অস্তিত্বৰ সংকট হ’লেও ই এতিয়া ৰাজ্য চৰকাৰৰ বৃহত মীন পাম ৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা যাত্ৰীসকলক এই ঐতিহাসিক মীনপামখনে সোঁৱৰাই দিয়ে বীৰজনাক ৷ 

এই বীৰজনৰ ঐতিহ্য জীয়াই ৰাখিবলৈ ২০১০-১১ আৰু ২০১২-১৩ বৰ্ষত তিৱা স্বায়ত্ত পৰিষদে জোঙাল বলহুৰ আৱক্ষ মূৰ্তি নিৰ্মাণৰ বাবে ৩০ লাখ টকা আৱণ্টন দিছিল ৷ সেইমতে ২০১৪ চনৰ ২৩ জুলাইত আনক্ষ মূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপন কৰিছিল পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমান মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

ক'লৈ গ'ল জোঙাল বলহুৰ আৱক্ষ মূৰ্তিৰ বাবে আৱণ্টিত তিৱা স্বায়ত্ত পৰিষদৰ ৩০ লাখ টকা ?

কিন্তু আজিও স্থাপন নহ'ল জোঙাল বলহুৰ আৱক্ষ মূৰ্তি ৷ ক'লৈ গ'ল সেই আৱণ্টিন বৃহৎ ধনৰাশি ? জানিব পৰামতে, আৱক্ষ মূৰ্তি নিৰ্মাণৰ বাবে দায়িত্ব দিছিল বিশিষ্ট শিল্পী বীৰেন সিংহক ৷

সেইমতে শিল্পীগৰাকীয়ে নিৰ্মাণৰ দায়িত্ব ল'লে যদিও পৰিষদে ধন আদায় নিদিয়াত পূৰ্ণতা নাপালে জোঙাল বলহুৰ আৱক্ষ মূৰ্তিয়ে ৷ ক'লৈ গ'ল সেই আৱণ্টিত বিশাল ধনৰাশি ? ইয়াৰ উত্তৰ বিচাৰিছে তিৱা সংগঠনৰ নেতৃত্বই ৷

ক'লৈ গ'ল জোঙাল বলহুৰ আৱক্ষ মূৰ্তিৰ বাবে আৱণ্টিত তিৱা স্বায়ত্ত পৰিষদৰ ৩০ লাখ টকা ?

আৱক্ষ মূৰ্তি নিৰ্মাণৰ বাবে আৱণ্টন হোৱা ধন আত্মসাতৰ অভিযোগ আনিছে সংগঠনটোৰ নেতৃত্বই ৷ যাৰবাবে বীৰজনাৰ আৱক্ষ মূৰ্তি স্থাপন আজিও নহ’ল আৰু বীৰ ৰজাজনক অপমান কৰাৰ গুৰুতৰ অভিযোগো আনিছে তিৱা সংগঠনটোৰ নেতৃবৰ্গই ৷

সেয়ে এই বৃহৎ কেলেংকাৰীৰ উচিত তদন্ত বিচৰাৰ লগতে দোষীক উচিত শাস্তি দিবলৈ চৰকাৰক দাবী জনাইছে ৷ 

ক'লৈ গ'ল জোঙাল বলহুৰ আৱক্ষ মূৰ্তিৰ বাবে আৱণ্টিত তিৱা স্বায়ত্ত পৰিষদৰ ৩০ লাখ টকা ?

ইপিনে তিৱা স্বায়ত্ত পৰিষদৰ ধনেৰে জোঙাল বলহুৰ আৱক্ষ মূৰ্তি স্থাপন নহ'লেও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত বৰ্ষত মূৰ্তি স্থাপনৰ বাবে ৫০ লাখ টকাৰ আৱণ্টন দিয়ে আৰু সেই ধনেৰে ঐতিহাসিক বীৰজনাৰ আৱক্ষ মূৰ্তি স্থাপন হোৱাৰ দিশে আগবাঢ়িছে ৷

কিন্তু তিৱা স্বায়ত্ত পৰিষদৰ হৰলুকী হোৱা ধনৰ নিৰপেক্ষ তদন্তৰ লগতে দোষীৰ উচিত শাস্তি দাবী কৰিছে তিৱা জাতীয় সংগঠনৰ নেতৃত্বই ৷
 

Your Comments